Delhi Winter :প্ৰবল শীতৰ কবলত ৰাজধানী দিল্লী

ৰাজধানীত পাৰাস্তম্ভ ৬ ডিগ্ৰীলৈ হ্ৰাস পোৱাৰ আশংকা বতৰ বিজ্ঞান বিভাগৰ

WhatsApp Image 2022 12 01 at 17.43.31

Delhi Winter:
ৰাজধানী চহৰ দিল্লীত ঠাণ্ডাই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰবাবে ৰাজধানী চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰা এক প্ৰকাৰ ব্যাহত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

মঙলবাৰে দেশৰ ৰাজধানী চহৰখনত সৰ্বনিম্ন তাপমাত্ৰা আছিল ৭.৩ ডিগ্ৰী চেলচিয়াছ৷ যি পূৰ্বৰ ৰেকৰ্ডতকৈ স্বাভাৱিকতকৈ তিনি গুণ কম।

সোমবাৰে সৰ্বনিম্ন তাপমাত্ৰা ৭.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল যি স্বাভাৱিকতকৈ দুই গুণ অধিক । বুধবাৰ আৰু বৃহস্পতিবাৰেও দিল্লীত ঠাণ্ডাৰ প্ৰকোপ অপৰিৱৰ্তীত হৈ আছে৷

বতৰ বিজ্ঞান বিভাগৰ মতে অনাগত দিনবোৰত ঠাণ্ডা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ মতে দিল্লীৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্যবোৰত তুষাৰপাতৰ ফলত সমভূমিত ঠাণ্ডা বৃদ্ধি পাইছে৷ যাৰ ফলত পৰৱৰ্তী ছয়- সাত দিনত সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা হ্ৰাস পাব।

অৰ্থাৎ অনাগত দিনত ৰাজধানীকে ধৰি এনচিআৰত ঠাণ্ডা অতিমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ঠাণ্ডা বৃদ্ধি পাব ৷ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে, ডিচেম্বৰৰ ১ তাৰিখে সৰ্বনিম্ন তাপমাত্ৰা ৭ ডিগ্ৰী চেলচিয়াছ হয় আৰু ৫ ডিচেম্বৰত সৰ্বনিম্ন তাপমাত্ৰা ৬ ডিগ্ৰীলৈ হ্ৰাস পাব পাৰে আৰু সৰ্বাধিক তাপমাত্ৰা ২৬ ডিগ্ৰীলৈকে হ’ব।

বতৰ বিজ্ঞান বিভাগৰ মতে, উত্তৰ ভাৰতৰ বহুতো অঞ্চলত ঠাণ্ডা বৃদ্ধি পাব। ৰাজস্থানৰ কিছুমান অঞ্চলত শীতল লহৰে পৰিস্থিতি অতি জটিল ৰূপ ধাৰণ কৰিব। উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ সৰ্বনিম্ন তাপমাত্ৰা পৰৱৰ্তী পাঁচ দিনৰ বাবে ৮ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে।

আনহাতে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত যোৱা কেইবাদিনো ধৰি তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। মঙলবাৰে সৰ্বনিম্ন তাপমাত্ৰা ১৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা আছিল ২৮ ডিগ্ৰী চেলচিয়াছ।

নয়দাত সৰ্বনিম্ন আৰু সৰ্বাধিক তাপমাত্ৰা ক্ৰমে ১১ ডিগ্ৰী চেলচিয়াছ আৰু ২৯ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। একেদৰে তীৰ্থনগৰী বাৰাণসীত সৰ্বনিম্ন তাপমাত্ৰা ১৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।

Exit mobile version