Hacking : হেক হ’ল জলশক্তি মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট

1669875760 hacking

Hacking :

অলপ সময়ৰ বাবে হেক হ’ল জল শক্তি মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট। বৃহস্পতিবাৰে পুৱা হেক কৰা হয় মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট । মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, হেকাৰসকলে একাউণ্টটোৰ পৰা কে’বাটাও টুইট কৰিছে।

সেই টুইটবোৰ ‘স্বচ্ছ ভাৰত’ আৰু অন্যান্য মন্ত্ৰালয়ক টেগ কৰি কৰা হৈছিল। অৱশ্যে, এই সন্দৰ্ভত মন্ত্ৰালয়ৰ দ্বাৰা কোনো আনুষ্ঠানিক বিবৃতি জাৰী কৰা হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি হেকাৰসকলে মুঠ ৮০ টা টুইট কৰিছে । সকলো টুইট বিলোপ কৰা হৈছে আৰু মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট পুনৰুদ্ধাৰ কৰা হৈছে ।

১০ জনতকৈ কম অনুসৰণকাৰী থকা কে’বাটাও একাউণ্টৰ পৰা টুইট কৰা হৈছিল। কিছুমান একাউণ্টত আকৌ অনুৰাগীৰ সংখ্যা আছিল দুহেজাৰ । টুইটটোত কেবাটাও পাকিস্তানী একাউণ্টকো টেগ কৰা হয় । সেইবোৰৰ ভিতৰত কিছুমান ক্ৰিপ্টো সম্পৰ্কীয় টুইটাৰ একাউণ্ট আছিল, বুলি মন্ত্ৰালয়ৰ জনায়।

কে’বাটাও সন্দেহজনক টুইট প্ৰকাশ পুৱাৰ পাছতে সজাগ হৈ পৰে মন্ত্ৰালয়।

দ্ৰুত অনুসন্ধানৰ পাছত , দেখা যায় যে একাউণ্টটো হেক কৰা হয় আৰু একেৰাহে কে’বাটাও টুইট কৰা হৈছে । তাৰ পাছত একাউণ্টটো পুনৰুদ্ধাৰ কৰা হয় ।

বিগত ২৩ নৱেম্বৰত, দিল্লী এইমছৰ চাৰ্ভাৰ হেক কৰা হৈছিল বুলিও অভিযোগ কৰা হৈছে। বিভিন্ন মাধ্যমত বাতৰি পোৱা গৈছে যে হেকাৰসকলে ক্ৰিপ্টোত ২০০ কোটি টকাও দাবী কৰিছিল।

অৱশ্যে দিল্লী আৰক্ষীয়ে হেকিং আৰু টকাৰ কথা অস্বীকাৰ কৰিছিল। এমেছৰ চাৰ্ভাৰ হেক হোৱাৰ বাবে সেৱাটো ব্যাহত হয় । সেই ঘটনাটোৰ পাছতেই আজি পুনৰ একেই ঘটনা ঘটে ।

এইবাৰ হেক কৰা হ’ল কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট । কেন্দ্ৰৰ চাইবাৰ বিশেষজ্ঞ আৰু নিৰাপত্তা সংস্থাসমূহে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

Exit mobile version