India : দেশৰ ক্ষুদ্ৰ চহৰত বৃদ্ধি পাইছে ‘অতি ধনাঢ্য ‘ৰ সংখ্যা

telluride colorado BESTSMALL0121 22f286c59f7d4077ad15f9359497219f

India  :

ভাৰতত মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক বিকাশ অতি দ্রুতগতিত বাহাল আছে। দ্রুতগতিত চহৰীকৰণৰ লগে লগে দেশত বৃদ্ধি পাইছে অতি ধনাঢ্য লোকৰ সংখ্যা। আনকি দেশৰ ক্ষুদ্ৰ চহৰতো সম্প্রতি অতি ধনাঢ্য লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

গুজৰাটৰ ছুৰটৰ দৰে ক্ষুদ্ৰ চহৰতো ২০১৫-১৬ আৰু ২০২০-২১ বৰ্ষৰ সময়ছোৱাত অতি ধনাঢ্য লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পালে। পিপল ৰিছাৰ্চ অন ইণ্ডিয়াজ কনজিউমাৰ ইকন’মি (প্ৰাইচ)ৰ সমীক্ষাত এই তথ্য প্রকাশ পালে।

২০২১ বৰ্ষত ১০ লাখতকৈ অধিক জনসংখ্যাৰ ৬৩ চহৰক সামৰি প্ৰাইচে এই সমীক্ষা চলাইছিল। এইসমূহ চহৰত দেশৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশ মধ্যবিত্ত আৰু ৪৩ শতাংশ ধনাঢ্য ব্যক্তিয়ে বাস কৰে।

সমীক্ষাত বছৰি ১.২৫ লাখ টকালৈকে উপার্জন কৰা পৰিয়ালক দৰিদ্ৰ, পাঁচ লাখৰ পৰা ৩০ লাখ টকালৈকে উপাৰ্জন কৰা পৰিয়ালক মধ্যবিত্ত আৰু দুই কোটিৰ পৰা অধিক ধন উপার্জন কৰা পৰিয়ালক অতি ধনাঢ্য হিচাপে চিনাক্ত কৰা হৈছে।

ভাৰতৰ ভূপাল, কয়ম্বটোৰ, ইণ্ডোৰ, জয়পুৰ, কানপুৰ, কন্নুৰ, কোচ্চি, কুজিকোড, লক্ষ্ণৌ, মধুৰেই, মলপ্পৰম, নাগপুৰ,নাছিক, তিৰুঅনন্তপুৰম, ত্ৰিশূৰ আৰু তিৰুপুৰত ধনাঢ্য পৰিয়ালৰ সংখ্যা দ্রুত বৃদ্ধি পাইছে।

প্ৰাইচৰ সমীক্ষাৰ তথ্য অনুসৰি, মুম্বাইত ২০২১ত ২.৭ লাখ অতি ধনাঢ্য লোকে বাস কৰিছিল। একেটা বছৰত দিল্লীত অতি ধনাঢ্য লোকৰ সংখ্যা আছিল ১.৮ লাখ।

Exit mobile version