Pathshala Sualkuchi Silk :পাঠশালাত শুৱালকুচিৰ পাট কাপোৰৰ নামত লুন্ঠন

শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিৰ অভিযান,একাংশ বিক্ৰেতাৰ ৰোষৰ বলী হল সমিতিৰ সদস্য

WhatsApp Image 2022 12 01 at 20.45.28

Pathshala Sualkuchi Silk :

পাঠশালাৰ শুৱালকুছি তাঁত ঘৰত নকল পাট কাপোৰ বিক্ৰী কৰা বিষয়ক কেন্দ্ৰ কৰি আজি শুৱালকুচিৰ পৰা অহা শুৱালকুচিৰ তাঁত শিল্প সমিতিৰ লোকে অভিযান চলাই এনে কুকৰ্ম ধৰা পেলোৱা কাৰ্য্যই সমগ্ৰ পাঠশালাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে l

বিশেষকৈ বহু কেইখন বিপনীত তিনি হাজাৰ টকাৰে বেনাৰসী কাপোৰ বহি;ৰাজ্যৰ পৰা কিনি আনি সেইবোৰ ১৬-১৮ হাজাৰ টকাত বিক্ৰী কৰে শুৱালকুচিৰ পাট কাপোৰ বুলি l

তেনে এখন পাঠশালাৰ বিপনীত আজি শুৱালকুচিৰ ৰাইজে আহি ধৰি যি দৃষ্টান্ত দেখুৱালে সিয়ে প্ৰকৃততে প্ৰমাণ কৰি দিলে যে দৰাচলতে পাট কাপোৰৰ নামত কেনেদৰে চলি আছে কৌটি কৌটি টকাৰ লুন্ঠন l

ঘটনা অনুসৰি আজি দুপৰীয়া প্ৰায় ১২ বজাত পাঠশালাৰ ভূটান হাইৱে চাৰি আলিৰ পৰা প্ৰায় ৫০ জনীয়া এটা পুৰুষ – মহিলাৰ দল আহি প্ৰৱেশ কৰে উত্তৰপত্তিস্থিত শুৱালকুচি তাঁতঘৰ আৰু মাণিকচান্দ জুৱেলাৰীত | যি খনৰ স্বত্তাধিকাৰী অজিৎ তালুকদাৰ l কাৰণ তাত ৩ হাজাৰ টকাৰ বেনাৰচী কাপোৰ বিক্ৰী কৰিছে ১৬-১৮ হাজাৰ টকাত l

বজালীৰ সৰুপেটাৰ এগৰাকী ভূক্তভোগী মহিলাৰ পৰা অভিযোগ পাই শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিয়ে আজি চলাই এনে অভিযান l

মহিলা গৰাকীয়ে নিজৰ পৰিয়ালৰ বিয়াৰ বাবে উক্ত বিপনী খনৰ পৰা প্ৰায় ৮৫ হাজাৰ টকাৰ কাপোৰ ক্ৰয় কৰিছিল l কিন্তু কম দিনৰ ভিতৰতে কাপোৰ বোৰ উঁৱলি গৈছিল আৰু পৰিণতিত মহিলা গৰাকী য়ে শুৱালকুচিৰ পৰীক্ষাগাৰত কাপোৰ পৰীক্ষা কৰাত সেইবোৰ নকল বুলি জ্ঞাত হৈছিল l

অৱশেষত আজি সমিতিৰ সদস্য সকলে বিপণি খনত সোমাই স্বত্বাধিকাৰী গৰাকীৰ সতে বাক বিতণ্ডা কৰাৰ সময়তে মূহূৰ্ততে  সৃষ্টি হয় এক তীব্ৰ উত্তেজনামুলক পৰিৱেশ l

মূহুৰ্ততে ঘটনাৰ উমান পাই এগৰাকী দণ্ডাধীশৰ স’তে আৰক্ষীৰ এটা দল আহি উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় l সকলো দিশ চালিজাৰি চাই দণ্ডাধীশ গৰাকীৰ উপস্থিতিত আৰক্ষী য়ে বিপণি খন ছিল কৰি দিয়ে l

ইয়াৰ পিছত বিপণি খনৰ স্বত্বাধিকাৰী অজিৎ তালুকদাৰক আটক কৰি ৰাজপথেৰে খোজ কঢ়াই গাড়ীত উঠাই লৈ যায় পাঠশালা আৰক্ষী চকী লৈ l

ইয়াৰ পূৰ্বে শুৱালকুচিৰ সকলো প্ৰতিবাদী মহিলাই বিপনী খনত উপস্থিত হৈ মালিক অজিৎ তালুকদাৰৰ সতে তৰ্ক যুদ্ধত লিপ্ত হয় আৰু সকলো দুৰ্নীতি প্ৰমাণ কৰি দিয়ে l

এনে সময়তে আজি উপস্থিত সাংবাদিকৰ আগত সমিতিৰ লোকে শুৱালকুচিৰ হল মাৰ্ক থকা বস্ত্ৰ হে অসম বাসীক কিনাৰ বাবে আহ্বান জনায় l বিশেষ কৈ প্ৰকৃত পাটৰ কাপোৰ হয় নে নহয় সেয়া পৰীক্ষাৰ বাবে যোগাযোগ কৰিবলৈ দিয়ে বিশেষ ফোন নং ( 9394552449)

উল্লেখযোগ্য যে অজিৎ তালুকদাৰৰ পাঠশালাত এনে বিপনি ২ খন আছে আৰু এখন দোকানতো শুৱালকুচিৰ পাট কাপোৰ নাই বুলি আজি শুৱালকুচিৰ প্ৰতিবাদী লোক সকলে জানিবলৈ দিয়ে l

একেলগে এদিনতে অজিৎ তালুকদাৰে বেনাৰচী কাপোৰ শুৱালকুচিৰ পাট বুলি বিক্ৰী কৰি দুই তিনি লাখ কৈ উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ।

স্বাভাৱিকতে আজি এনে ঘটনাই পাঠশালাত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে l পূৰ্বে বিপণি খনৰ পৰা কাপোৰ কিনা বহু লোকে এতিয়া সন্দেহৰ চকুৰে চাই উত্তেজিত হৈ উঠিছে l

অকল অজিৎ তালুকদাৰৰে নহয়, বৰং পাঠশালাৰ আন পাট কাপোৰৰ বিপণী ও এতিয়া সন্দেহৰ গৰাহত l এনে বিপণিৰ লগতে শুৱালকুচি তাঁত উন্নয়ন সমিতি য়ে অসমৰ ভিন্ন প্ৰান্তত অভিযান চলাব বুলি জানিবলৈ দিয়ে l

ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকী আৰু শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতি য়ে দিয়া গোচৰৰ ভিত্তিত অজিৎ তালুকদাৰক আটক কৰে যদিও নিশা লৈ তেওঁক ব্যক্তিগত জামিনত যাবলৈ দিয়ে l

ইপিনে আজি উক্ত ঘটনাৰ পিছত আন এক বিষয়ক কেন্দ্ৰ কৰি বিশেষ কৈ নকল কাপোৰক কেন্দ্ৰ কৰি পাঠশালাত আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় l

আজি পাঠশালাৰ আন আন দোকানত গোহাৰি পত্ৰ বিতৰণ কৰিৱ গৈ সতৰ্ক কৰি দিৱ যোৱাত শুৱালকুচিৰ তাঁত শিল্প সমিতিৰ ব্যৱসায়ীৰ সতে স্হানীয় ব্যৱসায়ীৰ সংঘাট ঘটে l

কলেজ ৰোডৰ এখন দোকানত সমিতিৰ লোকে গোহাৰি পত্ৰ বিতৰণ কৰিৱ যাওঁতে আৰু নকল পাট কাপোৰৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় দুই পক্ষৰ মাজত সংঘাট l

উত্তেজিত ৰাইজৰ একাংশই সমিতিৰ এজন লোকক শাৰিৰীক ভাৱে আক্ৰমণ কৰে l অৱশেষত সমিতিৰ লোকজনে আন দুজন সতীৰ্থৰ সতে ৰাইজৰ ৰোষৰ পৰা সাৰিবলৈ দৌৰি আশ্ৰয় লৈ বোৱাৰী নামৰ এখন এখন কাপোৰৰ দোকানত l

কিছু সময় পিচতে পাঠশালা আৰক্ষীয়ে সমিতিৰ তিনিজন লোকক উদ্ধাৰ কৰি পাঠশালা আৰক্ষী চকী লৈ লৈ যায় l বিপৰীতে পাঠশালাৰ ব্যৱসায়ী এজনক সমিতিৰ লোকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে l

অৱশেষত পাঠশালা আৰক্ষীয়ে থানালৈ তিনি জন সমিতিৰ সদস্যক আনি চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ পিছত ঘৰলৈ যাবলৈ দিয়ে l কিন্তু যি নহলেও আজি বিষয়টোক কেন্দ্ৰ কৰি সমগ্ৰ পাঠশালাত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে l

Exit mobile version