Bachchan Family : অভিনয়ত দুর্দান্ত পাৰদর্শী !

বচ্চন পৰিয়ালৰ সদস্যসকলৰ শিক্ষাগত যোগ্যতা দেখি চকু কপালত উঠিব

WhatsApp Image 2022 12 01 at 20.43.55

Bachchan Family :

বলিউডৰ (Bollywood) মেগাষ্টাৰ অমিতাভ বচ্চন (Amitabh Bachchan) । অমিতাভ বচ্চনৰ লগতে বচ্চন পৰিয়ালৰ প্রায় প্রত্যেক সদস্য‌ই কম-বেছি পৰিমাণে বলিউডৰ স’তে জড়িত হৈ আছে । যদিও অমিতাভ বচ্চনৰ কন্যা স্বেতা বচ্চনে অভিনয় জগতৰ পৰা নিজকে দূৰত ৰাখে ।

অৱশ্যে বলিউডৰ কাষত থাকক বা দূৰত, এই পৰিয়ালৰ প্রত্যেক খুঁটিনাটি জানিবলৈ আমি আগ্রহী হ‌ওঁ সকলো সময়তে । এইবাৰ জানক, বচ্চন পৰিয়ালৰ কোন সদস্য কিমান শিক্ষিত

অমিতাভ বচ্চন (Amitabh Bachchan) : অমিতাভ বচ্চনে নাইনিতালৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাৰ পাছত দিল্লীৰ কিৰোৰি মাল মহাবিদ্যালয়ৰ পৰা বিএছচি ডিগ্রী অর্জন কৰিছে । সম্প্রতি “উচাই” চলচ্চিত্ৰত অভিনয় কৰি পুনৰবাৰ দৰ্শকৰ মন জয় কৰিছে অমিতাভ বচ্চনে ।

জয়া বচ্চন (Jaya Bachchan) : ভূপালৰ চেন্ট জোছেফ কনভেন্ট স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰি তেওঁ পুনে এফ টি টি আইৰ পৰা অভিনয়ত স্নাতক ডিগ্ৰী অর্জন কৰিছে । বহুদিনৰ হ’ল তেওঁ অভিনয় জগতৰ পৰা নিজকে দূৰত ৰাখিছে আৰু বর্তমান তেওঁ ৰাজনীতিত সক্রিয় হৈ আছে ।

অভিষেক বচ্চন (Abhishek Bachchan) : অভিনয় বিভাগত স্নাতক কৰাৰ বাবে আমেৰিকাৰ বোষ্টন ইউনিভাৰ্চিটিত গৈছিল তেওঁ । কিন্তু মাজভাগতে পঢ়া-শুনা এৰে আৰু দেশত উভতি আহে । সম্প্ৰতি তেওঁ আগন্তুক ছবিৰ কামত ব্যস্ত ।

ঐশ্বর্য ৰাই বচ্চন (Aishwarya Rai Bachchan) : বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত ঐশ্বর্য ৰাই বচ্চনে ৰচনা সংসদ একাডেমী অৱ আর্কিটেকচাৰৰ স্নাতক ডিগ্ৰীত ভর্তি হৈছিল । কিন্তু মডেলিঙত ব্যস্ত হৈ যোৱাৰ পাছত তেওঁ মাজভাগতে মহাবিদ্যালয় এৰে আৰু পৰৱর্তীকালত অভিনয় জগতত ব্যস্ত হৈ পৰে । সম্প্রতি পন্নিয়ন ছেলভান ছবিত অসাধাৰণ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছে ।

স্বেতা বচ্চন (Shweta Bachchan) : অমিতাভ বচ্চনৰ কন্যাই ছুইজাৰলেণ্ডৰ পৰা শিক্ষাগ্ৰহণ কৰাৰ পাছত আমেৰিকাৰ ইউনিভাৰ্চিটিৰ পৰা স্নাতক হৈছে । বর্তমান তেওঁ নিজৰ ব্যৱসায় ব্যস্ত হৈ আছে ।

Exit mobile version