Farmland depletion :
অতিমাত্ৰা বৰষুণ বা হঠাতে সৃষ্টি হোৱা খৰাংসদৃশ পৰিৱেশকে ধৰি প্ৰকৃতিয়ে ধাৰণ কৰা অস্বাভাৱিক ৰূপৰ পৰিণতিত অসমত ক্ৰমশ নিম্নগামী হ’বলৈ ধৰিছে খাদ্য শস্যৰ উৎপাদন ।
তুলনামূলকভাৱে পূৰ্বৰ তুলনাত চাউলৰ উৎপাদন সামান্য বৃদ্ধি পালেও শাক-পাচলি, মাহজাতীয় শস্য, তৈলজাত শস্য আদিৰ উৎপাদন দ্ৰুতগতিত নিম্নগামী হৈছে ।
ফলস্বৰূপে বহিঃৰাজ্যৰ ওপৰত খাদ্য শস্যৰ বাবে নিৰ্ভৰশীল হ’বলগীয়া হৈছে অসম । উল্লেখ্য যে এফালে বতৰৰ পৰিৱৰ্তনৰ বাবে স্বকীয় পৰম্পৰাৰে কৃষি কাৰ্য কৰা অসমৰ কৃষক ৰাইজে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু মু্ক্ত বাণিজ্য অৰ্থনীতিৰ সন্মুখত তিষ্ঠি থাকিব নোৱৰাৰ বাবে কৃষিকাৰ্য এৰি কৃষিভূমি পুঁজিপতিক গতাই দিয়াৰ পৰিণতিত কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেও অসমত খাদ্য শস্যৰ উৎপাদনত অৱনতি ঘটিছে ।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ দেশৰ ভিন্ন ৰাজ্যৰ অৰ্থনৈতিক স্থিতি সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, অসমত ২০১৭-১৮ত খাদ্য শস্যৰ উৎপাদন আছিল ৫৫২৫.৯ হেজাৰ টন । ২০১৮-১৯ত এই সংখ্যা ৫৪৬৫ হেজাৰ টনলৈ নিম্নগামী হয় ।
আকৌ ২০১৯-২০ বিত্তীয় বৰ্ষত অসমত খাদ্য শস্যৰ উৎপাদনৰ হাৰ অৱনমিত হয় ৫২৩৬.৪ হেজাৰ টনলৈ । ইয়াৰে ভিতৰত চাউলৰ উৎপাদন আছিল ২০১৭-১৮ত ৫২৮৩.৭ হেজাৰ টন, ২০১৮-১৯ত ৫২২০.৬ হেজাৰ টন আৰু ২০১৯-২০ত উৎপাদন হ্ৰাস পাই ৪৯৮৪.৬ হেজাৰ টনলৈ ।
অৱশ্যে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে কৰা ধাৰণা মতে অসমত চাউলৰ উৎপাদন ৫২১৪ হেজাৰ টনলৈ বৃদ্ধি পাইছে ।
উল্লেখ্য যে খাদ্য শস্যৰ উৎপাদন নিম্নগামী হোৱাৰ মূলতে এফালে প্ৰকৃতিৰ খেয়ালি ৰূপ অন্যতম কাৰণ হোৱাৰ উপৰি কৃষি কাৰ্য কৰা ভূমিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পোৱাটোও মূল কাৰণ হিচাপে চিহ্নিত হৈছে ।
পৰিসংখ্যা মতে, ২০১৯-২০ বিত্তীয় বৰ্ষলৈ অসমত মুঠ কৃষিকাৰ্য কৰা ভূমিৰ পৰিমাণ আছিল ৩০.১৬ লাখ হেক্টৰ । ইয়াৰে ভিতৰত ৯৮.৭৭ শতাংশই হ’ল গ্ৰামাঞ্চলত ।
কৃষি কৰ্ম কৰা অসমৰ এই বৃহৎ ভূখণ্ডৰ ভিতৰত বছৰেকত এটাহে খেতি কৰা হয় ১৫.২২ লাখ হেক্টৰ ভূমিত । যি সময়ত দেশৰ আন ৰাজ্যত বছৰেকত তিনিটা পৰ্যন্ত খেতি কৰি কৃষক স্বাৱলম্বী হৈছে সেই সময়ত অসমত বছৰেকত দুটাকৈ খেতি কৰা হয় মুঠ কৃষিভূমিৰ ১২.৮৯ লাখ হেক্টৰ ভূমিতহে ।
উল্লেখ্য যে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ে ২০১৯-২০ৰ ভূমিৰ তথ্য সম্পৰ্কত প্ৰকাশ কৰা প্ৰতিবেদনৰ মতে, অসমত দ্ৰুতগতিত হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ ।
মাথোঁ চাৰিটা বছৰৰ ভিতৰতে ৰাজ্যখনত প্ৰায় ৩৭,৪৯৯ হেক্টৰ কৃষিভূমি হ্ৰাস পাইছে । ২০১৬-১৭ত অসমত মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ৩১,১৪,৪০৮ হেক্টৰ ।
পিছে ২০১৯-২০ বিত্তীয় বৰ্ষত অসমত মুঠ কৃষিভূমিৰ পৰিমাণ হ্ৰাস পায় ৩০,৭৬,৯০৯ হেক্টৰলৈ । অৰ্থাৎ চাৰিটা বছৰৰ ভিতৰতে হ্ৰাস পালে ৩৭.৪৯৯ হেক্টৰ কৃষিভূমি । মূলতঃ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে ক্ৰমশঃ সংকুচিত হ’বলৈ ধৰিছে ৰাজ্যৰ কৃষিভূমিৰ পৰিমাণ ।
বিগত সময়ছোৱাত বণিয়াৰ ওচৰত কৃষিভূমি বিক্ৰী কৰাৰ প্ৰৱণতা বৃদ্ধি আৰু কৃষিভূমিত গঢ়ি উঠা উদ্যোগ, আৱাসিক অঞ্চল, পথ, দলং আদিৰ বাবে দ্ৰুতগতিত সংকুচিত হয় কৃষিভূমিৰ পৰিমাণ ।
পৰিসংখ্যা মতে, কৃষিভূমিৰ পৰিমাণ হ্ৰাস পোৱাৰ সূত্ৰে ৰাজ্যখনত নিম্নগামী হৈছে তৈলজাত শস্য উৎপাদনৰ পৰিমাণো ।
ইফালে, বতৰ পৰিৱৰ্তনৰ ফলত কৃষকে সময় মতে ঋতুকালীন কৃষিকৰ্ম কৰাত ব্যৰ্থ হোৱাৰ অন্যতম কাৰণ হৈছে অসমৰ জলসিঞ্চন ব্যৱস্থাৰ অতি শোচনীয় পৰিস্থিতি ।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ অতি নগণ্য ।
২০১৬-১৭ত ৰাজ্যখনত জলসিঞ্চনৰ ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ ৪৬৫ হেজাৰ হেক্টৰৰ বিপৰীতে ২০১৭-১৮ত এই পৰিমাণ বৃদ্ধি পাইছিল ৪৮৩ হেজাৰ হেক্টৰলৈ ।
আকৌ ২০১৮-১৯ত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰিত হয় ৪৯৪ হেজাৰ হেক্টৰ আৰু ২০১৯-২০ত এই পৰিমাণ বৃদ্ধি পায় ৫৪৩ হেজাৰ হেক্টৰলৈ ।
অথচ কৃষিকাৰ্যত আগবঢ়া দেশৰ কেইখনমান ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ হ’ল অন্ধ্ৰপ্ৰদেশত ৩৮১৩ হেজাৰ হেক্টৰ, বিহাৰত ৫৪৩৫ হেজাৰ হেক্টৰ, গুজৰাটত ৮৪৩১ হেজাৰ হেক্টৰ, হাৰিয়ানাত ৬২৭৯ হেজাৰ হেক্টৰ, কৰ্ণাটকত ৫০৩৪ হেজাৰ হেক্টৰ আৰু মধ্যপ্ৰদেশত ১৪,৭০৪ হেজাৰ হেক্টৰ কৃষিভূমি ।
অৰ্থাৎ কৃষিখণ্ডত আগবঢ়া দেশৰ শীৰ্ষত থকা ৰাজ্যকেইখনত জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমিৰ পৰিমাণ অসমৰ তুলনাত কে’বাগুণে শীৰ্ষত ।
স্বাভাৱিকতে বতৰ পৰিৱৰ্তনৰ পৰিণতি অতি খৰাঙৰ সময়তো দেশৰ আগশাৰীৰ এই ৰাজ্যকেইখনত খাদ্য শস্য উৎপাদন মুঠেও বিঘ্নিত হোৱা নাই ।