Happy Home : এখন সুখৰ সংসাৰৰ বাবে আপুনি স্বামীক কেনেকৈ আকৃষ্ট কৰিব ?

00f093fa 2ff1 4e1e 99d6 0dbb57b726c7

Happy Home :

সকলো মহিলাই স্তেওঁৰ স্বামীয়ে তেওঁক মনোযোগ দিয়াটো বিচাৰে । কিন্তু সকলো পত্নীৰ তেনে সৌভাগ্য নহয় যদিও অলপ মনোযোগ দিলে স্বামীৰ আকৰ্ষণ লাভ কৰিব পাৰি ।

সেইয়েহে আজি আমি স্বামীক আকৃষ্ট কৰা ১০ টা টিপছৰ বিষয়ে অৱগত কৰিম ।

১/ স্বামীৰ কাষত বহি কথা পাতক । সময় পালেই স্বামীৰ কাষত বহি কথা পাতক । তেওঁক বুজাওক যে , তেওঁ স্বামীৰ সকলো কথা বুজি পায় আৰু তেওঁক খুব ভাল পায় ।

২/ নিজকে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখক । সকলো সময়তে নিজক পৰিপাটিকৈ ৰাখক । নিজৰ শাৰীৰিক যত্ন লোৱাৰ লগতে সুগন্ধী ব্যৱহাৰ কৰক ।

৩/ স্বামীক বিভিন্ন কামত সহযোগ কৰক । আপুনি যদি স্বামীৰ সকলো কামতে সহযোগ কৰে , তেন্তে আপুনি সহজে স্বামীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব । বিশেষকৈ সংসাৰখন নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত স্বামীক সহায় কৰক । বিপদ-আপদৰ সময়ত স্বামীৰ কাষত থাকক ।

৪/ স্বামীৰ পৰিয়াল তথা বন্ধু-বৰ্গৰ প্ৰতি দায়বদ্ধ হওঁক । স্বামীৰ পৰিয়ালৰ লগতে তেওঁৰ বন্ধু-বৰ্গৰ প্ৰতি আদৰ প্ৰদৰ্শন কৰক । আপুনি তেওঁৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধ হলেহে তেওঁও আপোনাৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধ হ’ব লগতে স্বামীৰ বন্ধু-বৰ্গৰ প্ৰতি আদৰ প্ৰদৰ্শন কৰিলে স্বামীৰ মন সহজে জয় কৰিব পাৰিব ।

৫/ স্বামীৰ লগত থকা সময়ত আনৰ লগত টেলিফোনিক বাৰ্তালাপ নকৰিব । স্বামীৰ লগত থকা সময়ত কেতিয়াও আনৰ লগত ফোনত কথা নেপাতিব । এই কাৰ্যৰ দ্বাৰা আপুনি বুজাই দিব যে , তেওঁৰ প্ৰতি আপুনি কিমান মনোযোগী ।

৬/ দিনটোত কষ্ট হলেও নিশাৰ ভাগত স্বামীক সম্পূৰ্ণ সহযোগ কৰক । তেওঁ বিচৰা ধৰণে সুখী কৰিবলৈ চেষ্টা কৰক ।

৭/ শুৱনি কোঠাৰ দুৱাৰ খোলা ৰাখক । স্বামীৰ আগমণৰ পূৰ্বে কোঠাৰ দুৱাৰ খুলি তেওঁক সুন্দৰকৈ স্বাগতম জনাওক । যিটো কথা এজন পুৰুষে খুবেই ভাল পায় ।

৮/ স্বামীৰ সৌন্দৰ্যৰ প্ৰশংসা কৰক । যেনে- তোমাক এই সাজযোৰে খুব ধুনীয়া দেখিছে বা তোমাক আজি দেখিবলৈ ধুনীয়া লাগিছে আদি ।

৯/ কোনো কাম কৰাৰ পূৰ্বে স্বামীৰ পৰামৰ্শ লওঁক । যাতে তেওঁৰ ভাৱ হয় যে , আপুনি তেওঁক গুৰুত্ব দিয়ে ।

১০ / স্বামীৰ যোগাত্মক কথাবোৰ খুলি কওঁক । যেনে- তোমাৰ আজি মনটো খুব ভাল নেকি ? তোমাৰ সকলো কামেই ভাল হয় , তুমি বহুত যোগাত্মক ব্যক্তি আদি ।

Exit mobile version