Hs Final Examination:ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা

পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ ঘোষণা

WhatsApp Image 2022 12 02 at 15.41.26

Hs Final Examination:
সৰ্বভাৰতীয় স্তৰত শিক্ষাৰ্থীয়ে নাম ভৰ্তি সূযোগ ল’ব পৰাকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ দিন ৷

পৰীক্ষা সুচাৰুৰূপে চলাবৰ বাবে সম্পূৰ্ণ কৰি তুলিছে সকলো প্ৰস্তুতি ৷ এইবাৰ শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত লৈছে কে’বাটাও বিশেষ পদক্ষেপ ৷

এইবাৰৰ পৰা কোনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নাথাকিব পৰীক্ষা কেন্দ্ৰ ৷ ইতিমধ্যে সংসদে বিভিন্ন পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত ৬৪ টা পৰীক্ষা কেন্দ্ৰ বাতিল কৰে ৷

এই কথা সদৰি কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে ৷ পৰীক্ষা বাবে প- পত্ৰৰ পূৰণৰ কাম পূৰ্ণ গতিত অব্যাহত আছে আৰু ১৫ ডিচেম্বৰৰ ভিতৰত সম্পন্ন হ’ব প- পত্ৰৰ পূৰণৰ কাম ৷

পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে উল্লেখ কৰা মতে, এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হ’ব ৩ লাখ ৭১ হাজাৰ পৰীক্ষাৰ্থী ৷

Exit mobile version