jorabat :যোৰ‍াবাট আৰক্ষীৰ বৃহৎ সাফল্য

বাহৰ মাজত লুকুৱাই অনা প্ৰায় ১ কোটি টকা মূল্যৰ বাৰ্মিজ কাঠসহ ট্ৰাক জব্দ , এজনক আটক

WhatsApp Image 2022 12 02 at 11.13.12 2

jorabat :

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ, গাঞ্জা, চোৰাং গৰু চুৰি চক্ৰকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত আছে ।

এই অভিযান অব্যাহত থকাৰ সময়তে যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত যোৱ‍া নিশা যোৰাবাট আৰক্ষীৰ এটি দলে অভিযান চলাই ১০ চকীয়া কন্টেইনাৰ ট্ৰাক এখনত বাহৰ মাজত লুকুৱাই অনা প্ৰায় ১ কোটি টকাৰ অবৈধ বাৰ্মিজ কাঠ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

যোৰ‍াবাট আৰক্ষীয়ে আটক কৰা লোকজন হ’ল উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰ জিলাৰ নাছিম আলী । আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হ’ল ইউ পি ২১ বি এন ৩০৭১ ।

জানিব পৰা মতে, উক্ত ট্ৰাকখনত অবৈধ কাঠ বেপাৰীয়ে বাহৰ মাজত মূল্যবান বাৰ্মিজ চেগুন কাঠ লুকুৱাই মেঘালয়ৰ দিশৰ পৰা হাৰিয়ানালৈ লৈ যোৱাৰ সময়তে যোৰাবাট আৰক্ষীয়ে অভিযান চলাই যোৰাবাটত অবৈধ কাঠ ভৰ্তি ট্ৰাকসহ লোকজনক আটক কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

Exit mobile version