Stomach Problem : ঘৰৰ খাদ্য খালেও আপোনাৰ গেছ হয় নেকি ? কি নিয়ম মানি চলিলে আপুনি এই গেছৰ সমস্যাৰ মুক্তি পাব পাৰিব ?

cc083bd1 998b 4e84 8630 5910c1e6deb7

Stomach Problem :

দৈনিক জীৱনযাত্ৰাত সকলো মানুহেই কম-বেছি পৰিমাণে গেছৰ সমস্যাত ভুগি থাকে । আচলতে কি খালে এই সমস্যাৰ উদ্ভৱ হয় , সেইকথা বহুতেই হয়তো ধৰিব নোৱাৰে । কেতিয়াবা ঘৰত ৰন্ধা খাদ্য খালেও গেছৰ সমস্যাৰ হয় ।

যিটো কাৰণত আমি খুব ভাল পোৱা খাদ্যও আনন্দমনে খাবলৈ ভয় কৰো । বিশেষকৈ বন্ধৰ দিনটোত আমি ৰাতিপুৱাৰ জলপান হিচাপে গৰম গৰম লুচি আৰু আলু ভাজি খাই ভাল পাওঁ ।

কিন্তু অলপ পিচতে আমাৰ পেটৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । বুকু জ্বলা-পোৰা কৰা বা পেট ফুলি যোৱাৰ পিছত আমাৰ গোটেই দিনটো এক অসহ্যকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ।

ফলত আমি দুপৰীয়াৰ আহাৰো ভালদৰে খাব নোৱাৰা হওঁ ।
সাধাৰণতে বাহিৰৰ খাদ্য খোৱা , বেছিকৈ ভজা-পোৰা খোৱা বা পানী কম পৰিমাণত খোৱাৰ ফলত আমাৰ এই সমস্যা বেছিকৈ হোৱা পৰিলক্ষিত হয় ।

গেছ হোৱাৰ ভয়ত বহুতে নিজৰ ভাল লগা খাদ্যৰ পৰা দূৰৈত অৱস্থান কৰে ।
এই সমস্যাৰ পৰা বাচিবলৈ আমি সাধাৰণতে এণ্টাচিড জাতীয় ঔষধ সেৱন কৰো । কিন্তু আমি কেতিয়াও ভাবি নেচাওঁ যে যিকোনো ঔষধৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া থাকে ।

সঘনে এনে ধৰণৰ ঔষধ সেৱন কৰাৰ ফলত আমাৰ কেতিয়াৱা জটিল ৰোগো হ’ব পাৰে ।
গতিকে দৈনিক গেছৰ ঔষধ সেৱন কৰাতকৈ আমি কিছুমান নিয়মৰ যোগেদিও গেছৰ সমস্যাৰ পৰা মুক্তি পাব পাৰো ।

১/ দৈনিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক : গেছৰ সমস্যা কমাবলৈ হ’লে আমি দৈনিক ব্যায়াম কৰাতো খুবেই আৱশ্যক । ই হজম শক্তি বৃদ্ধি কৰে । অৰ্থাৎ মানুহৰ হজমী শক্ৰি সঠিক হৈ থাকিলে , আপোনা-আপুনি গেছৰ সমস্যাৰ পৰাও মুক্তি পাব পাৰি ।

২/ মানসিক উদ্বেগৰ পৰা দূৰৈত থাকক : ব্যক্তিগত জীৱনৰ বিভিন্ন সমস্যাৰ পৰা মানুহৰ মানসিক চাপ বৃদ্ধি পায় । যি চাপে আপোনাৰ হজমত বেয়া প্ৰভাৱ পেলাব পাৰে । আচলতে মানসিক চাপে কোনো খাদ্য সঠিকভাৱে হজম কৰাব নোৱাৰে । ফলত পেটত গেছৰ সমস্যাই দেখা দিয়ে । সেইয়েহে সমস্যা আহিলেও কেতিয়াও সেইকথা ভাবি নেথাকে নিজৰ শৰীৰৰ কথা চিন্তা কৰিব লাগে ।

৩ / হালধী : হালধী হৈছে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এবিধ মচলা জাতীয় খাদ্য । হালধীৰ ৰসে তেজ চাফা কৰাৰ সমান্তৰালকৈ পেটৰ সমস্যাৰ পৰাও মুক্তি দিব পাৰে । সাধাৰণতে পুৱা খালি পেটত কেচা হালধীৰ ৰস খোৱাৰ অভ্যাস কৰিব লাগে । পাৰিলে গাখীৰ বা মৌৰ ৰসৰ লগত কেচা হালধীৰ ৰস মিহলাই খাব লাগে । ই আপোনাৰ পেটৰ গেছৰ সমস্যা একেবাৰে নাইকীয়া কৰিব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Exit mobile version