Assam Movement Welfare Trust: অসম আন্দোলন কল্যাণ ন্যাসলৈ ৰাজ্য চৰকাৰৰ পাঁচ কোটি

অনলাইন ব্যৱস্থাৰে আন্দোলনৰ ছহিদ তথা গুলীত আঘাতপ্ৰাপ্ত সকলক একত্ৰিতভাৱে অন্তভুৰ্ক্ত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2022 12 03 at 19.51.52 1

Assam Movement Welfare Trust:
অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকৰ সভাগৃহত শনিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অসম আন্দোলন কল্যাণ ন্যাসৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷বৈঠকত ন্যাসৰ ভৱিষ্যত কাৰ্যপন্থাৰ লগতে ন্যাসক অধিক শক্তিশালী কৰা সম্পৰ্কত বিস্তৃত আলোচনা কৰা হয় ৷

বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ন্যাসৰ পুঁজিলৈ আৰু পাঁচকোটি টকা আগবঢ়াব বুলি সদৰি কৰে ৷উল্লেখ্য যে অসম আন্দোলন কল্যাণ ন্যাসৰ পুঁজি পূৰ্বতে পাঁচ কোটিৰে গঠন কৰা হৈছিল ৷

ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে পুনৰ পাঁচ কোটি দিয়াৰ পিছত সৰ্বমুঠ দহকোটি টকাৰ পুঁজিৰ পৰা অসম আন্দোলনৰ ছহিদ পৰিয়াল আৰু নিৰ্যাতিত হোৱা লোক সকলৰ পৰিয়াল সমূহলৈ বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে আগবঢ়োৱা হ’ব ৷

আনহাতে বৈঠকত অসম আন্দোলনৰ ছহিদ আৰু গুলীত আঘাতপ্ৰাপ্ত আৰু গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত ব্যক্তিৰ তথ্য সমূহ অনলাইন ব্যৱস্থাৰে একত্ৰিতভাৱে ৰখাৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে অসম চুক্তি বিভাগক নিৰ্দেশ দিয়ে ৷

বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা,বিত্তমন্ত্ৰী অজন্তা নেওগ,সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য,সভাপতি দিপাংকৰ নাথ,ছহিদ নিৰ্যাতিত পৰিয়াল সমূহৰ পৰা চন্দ্ৰকান্ত তালুকদাৰ,মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চুক্তি বিভাগৰ অতিৰিক্ত সচিব জি এছ পানেছাৰ উপস্থিত থাকে ৷

Exit mobile version