Golaghat Tankar blast:গোলাঘাটত পেট্ৰল পৰিবাহী টেংকাৰ বিস্ফোৰণত

থিতাতে নিহত গেৰেজৰ মালিক,বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহ ক্ষতিগ্ৰস্ত

WhatsApp Image 2022 12 03 at 18.49.01

Golaghat Tankar blast:
গোলাঘাট চহৰৰ পাশ্বৰ্ৱতী বেঙেনাখোৱাত অঘটন ৷ এটা গেৰেজত পেট্ৰল পৰিবাহী টেংকাৰ এখন মেৰামতি কৰি থকা অৱস্থাতে হঠাতে বিস্ফোৰিত হয় |

শনিবাৰে দিনৰ ভাগত সংঘটিত এই বিস্ফোৰণৰ ঘটনাত গেৰেজ স্বত্বাধিকাৰ নবীন বৰুৱা থিতাতে নিহত হয় ৷ ভয়ংকৰ বিস্ফোৰণটোত ক্ষতিগ্ৰস্ত হয় কেইবাটাও বাসগৃহ ৷ বিস্ফোৰিত পেট্ৰল পৰিবাহী টেংকাৰ খনৰ নম্বৰ হ’ল ৷ এন এল ০৭- এ এ ১৩৫০।

টেংকাৰ খনৰ ওৱেল্ডিঙৰ কাম কৰি আছিল স্বয়ং গেৰেজটোৰ গৰাকীজন ৷ বিস্ফোৰণৰ পিছতে গেৰেজটোত থকা আন কৰ্মচাৰী সকল প্ৰাণৰ মমতাত কৰে ৷ সন্দেহ কৰা মতে ওৱেলডিংৰ বাবে সংঘটিত হয় ভয়াৱহ বিস্ফোৰণ

উল্লেখ্য বিস্ফোৰণটি ইমানেই ভয়ংকৰ আছিল যে অইল টেংকাৰ খনৰ ওপৰৰ অংশ প্ৰায় ১০০ ফুট দূৰলৈকে উৰি যায় ৷

একেদৰে ওৱেলডিং কৰি থকা নৱীন বৰুৱাৰ দেহ ছিন্নবিচ্ছিন্ন হৈ পৰে ৷ আনহাতে গেৰেজটোৰ কাষতে থকা বিত্তমন্ত্ৰী অজন্তা নেওগ সহ আন কে’বা গৰাকী লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি হয় ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লয় ৷

Exit mobile version