Satra Commission Report Submits : মুখ্যমন্ত্ৰীৰ হাতত দাখিল সত্ৰ আয়োগৰ প্ৰতিবেদন

ৰাজ্যৰ তিনি সত্ৰৰ ৭৫০৪ বিঘা মাটি আছে অবৈধ বেদখলৰ অধীনত

1de8b793 3d07 411b a5ca 247e2e8c873b

Satra Commission Report Submits :

ৰাজ্যৰ তিনি সত্ৰৰ ৭৫০৪ বিঘা ভূমি অবৈধ বেদখলৰ অধীনত থকাৰ বিপৰীতে ১৮৯৮ হেক্টৰ ভূমি বেদখলৰ কবলত থকাৰো তথ্য পোহৰলৈ আনে সত্ৰ আয়োগে ৷

কালি জনতা ভৱনত আনুষ্ঠানিকভাৱে তিনিজনীয়া সত্ৰ আয়োগৰ মুৰব্বী আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আন দুই সদস্য বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰে প্ৰথমখন অন্তৱৰ্তীকালীন প্ৰতিবেদন ৷

উল্লেখ্য যে সত্ৰৰ ভূমিত বেদখলৰ অভিযোগ নিৰীক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ ২৯ নৱেম্বৰত ৰাজ্যিক কেবিনেটে সত্ৰ ভূমিৰ সমস্যাসমূহৰ পৰ্যালোচনা আৰু মূল্যায়নৰ বাবে তিনিজন বিধায়ককক লৈ গঠন কৰিছিল সত্ৰ আয়োগ ৷

সত্ৰ আয়োগে বিগত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ফালে দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ ১২ খন জিলা ক্ৰমে বৰপেটা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কামৰূপ, মৰিগাঁও, নগাঁও, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু কৰিমগঞ্জ ভ্ৰমণ কৰিছিল৷

মনকৰিবলগীয়া যে পৰিভ্ৰমণ কৰা ১২ খন জিলাৰ ৬২ খন সত্ৰ পৰিদৰ্শন কৰে ৷ ইয়াৰ ভিতৰত বৰপেটা সত্ৰৰ ভূমি আটাইতকৈ বেছি বেদখল থকাৰ বিপৰীতে লখিমপুৰ আৰু নগাঁও জিলাত লাভ কৰিছে বেদখলৰৰ তথ্য । একেদৰে বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সত্ৰভূমিও বেদখল কৰাৰ দেখা তথ্য প্ৰতিবেদনত সন্নিৱিষ্ট কৰা হৈছে ৷

প্ৰথম খন অন্তৱৰ্তীকালীন প্ৰতিবেদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আয়োগে দাখিল কৰা অন্তৱৰ্তীকালীন প্ৰতিবেদনত সন্নিৱিষ্ট আছে ১১ খন জিলাৰ তিনিখন সত্ৰৰ ভূমিৰ প্ৰায় ৭৫০৪ বিঘা অবৈধভাৱে বেদখল কৰা হৈছে। আয়োগে অচিৰেই পৰ্যায়ক্ৰমে বাকী থকা সত্ৰসমূহৰ প্ৰতিবেদন প্ৰস্তুত কৰিব।

Exit mobile version