Ulfa Cadre Jugal Sarma :জটিল ৰোগত আক্ৰান্ত হৈ আলফা স্বাধীনৰ শিবিৰত মৃত্যু নাৰেঙ্গী কেন্দুগুৰিৰ আলফা কেদাৰ যুগল শৰ্মা

WhatsApp Image 2022 12 05 at 19.19.06

Ulfa Cadre Jugal Sarma :

চলিত বৰ্ষৰ মাৰ্চৰ ১৯ তাৰিখে গাড়ীৰ ভাড়া মাৰিব যোৱা বুলি কৈ ঘৰৰ পৰা ৰঙিয়া লৈ ওলাই গৈছিল নাৰেঙ্গী কেন্দুগুৰি নিবাসী ৩০ বছৰীয়া যুৱক যুগল শৰ্মা।

ইয়াৰ পিছতেই সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰ হৈছিল যুগল শৰ্মা আলফা স্বাধীনলৈ যোৱাৰ খবৰ। তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰা নাছিল আলফা স্বাধীনৰ সদস্য যুগল শৰ্মাই ।

তাৰোপৰি পৰিয়ালৰ লোকেও আলফা স্বাধীন ৰ ৮৬ নং গোটৰ নবাগত কেদাৰ যুগল শৰ্মা ইমান দিনে নিৰুদিষ্ট হৈ থকা বুলিহে ভাবি আছিল। কিন্তু আলফাত হঠাৎ এনেদৰে যোগদান কৰিব সপোনৰো অগোচৰ আছিল পৰিয়ালৰ লোকৰ।

কিন্তু আজি পুৱাৰ ভাগত আলফা স্বাধীনৰ তৰফৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত আলফা লৈ যোৱা কেন্দুগুৰি উদয়পুৰৰ যুৱক যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম একাধিক জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ৪ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি জনোৱা হয়। স্বাভাবিকতে এই খবৰে স্তম্ভিত কৰি তোলে যুগল শৰ্মাৰ পৰিয়ালক।

ভাতৃক হেৰুৱাৰ বেদনাত শোকত ভাগি পৰে যুগল শৰ্মাৰ দুই ভগ্নী ববিতা দেৱী আৰু এনিশা দেৱী। আলফা স্বাধীনৰ শিবিৰত ৰোগাক্ৰান্ত হৈ মৃত্যু বৰণ কৰা কথাটো কোনোপধ্যে মানি লব নিবিচৰা দুই ভগ্নীযে ককায়েক যুগল শৰ্মাৰ মৃতদেহ বিচাৰি সংবাদ মাধ্যমৰ সহায় বিচাৰে।

সংবাদ মাধ্যমৰ আগত দুই ভগ্নী ববিতা দেৱী আৰু এনিশা দেৱীয়ে উচুপি উচুপি আলফা স্বাধীনলৈ কাতৰ আহ্বান, পৰেশ বৰুৱা ডাঙৰীয়া, আমাৰ দাদাৰ মৃতদেহটো সোনকালে উভতাই দিয়ক,মৃতদেহ নাপালে কিন্তু আমি আটাইকেইজন ভগ্নীয়ে আত্মহনৰ দৰে চৰম পন্থা লবলৈ বাধ্য হব । উল্লেখ্য যে, পিতৃ শিৱ শৰ্মা,মাতৃ প্ৰয়াত ললিতা দেৱীৰ একমাত্ৰ পুত্ৰ আছিল অমায়িক স্বভাৱৰ যুগল শৰ্মা।

যুগলৰ আছিল চাৰিগৰাকী ভগ্নী। কিন্তু কি কাৰণত, কি পৰিস্থিতিত যুগল পৰিয়ালৰ অজ্ঞাতে আলফা স্বাধীনত যোগদান কৰিলে সেয়া এতিযাও পৰিয়ালৰ বাবে সাঁথৰ হৈ আছে ।

জানিব পৰা মতে যুগলৰ পৰিয়াল সম্প্ৰতি কেণ্ডুগুৰিৰ মাটি বিক্ৰী কৰি সম্প্ৰতি নাৰেঙ্গী ইউকো বেংক ৰ ওচৰত ভাৰা ঘৰত আছে যুগলৰ পৰিয়াল।

Exit mobile version