Oil Stealing : চলন্ত ৰে’লৰ পৰা তেল চুৰি কাণ্ড বিহাৰত !

WhatsApp Image 2022 12 06 at 18.35.16

Oil Stealing :‌

দলং চুৰ, ৰে’লৰ ইঞ্জিন চুৰ, ম’বাইল টাৱাৰ চুৰ — সম্প্রতি বিহাৰৰ বিভিন্ন ঠাইৰ পৰা এনে অদ্ভুত চুৰিৰ ঘটনা প্রকাশ্যত আহিছে । এইবাৰ সেই তালিকাত নতুন সংযোজন চলন্ত ৰে’ল পৰা তেল চুৰি !

সম্প্রতি এটা ভিডিঅ’ ভাইৰেল হৈছে । তাত দেখা গৈছে, তেল ভর্তি টেংকাৰ লৈ এখন ৰে’ল গৈ আছে । গতি খুব এটা বেছি নাছিল । হঠাৎ দেখা গ’ল, হাতত ডাঙৰ ডাঙৰ পাত্র লৈ সেই টেংকাৰবোৰৰ ফালে আগবাঢ়িছে কে’বাজনো লোক ।

টেংকাৰৰ তলত পাত্র ধৰিছে । পাত্রটোত তেল ভৰি যোৱাৰ পাছত আন এটা পাত্র টেংকাৰৰ তলত ধৰিছে ।

সন্মুখত কি আছে, তাক লৈ তেওঁলোকৰ কোনো ভ্রুক্ষেপ নাই । অলপ ইফাল-সিফাল হ’লেই যিকোনো মুহূর্তত ভৰি পিছলি ৰে’লৰ তলত পৰাৰ সম্ভাৱনা আছিল ।

জীৱন সংকটত পেলায়ে তেল চুৰ কৰিছে তেওঁলোকে । ভিডিঅ’টো সত্যতা পৰীক্ষা কৰা নাই ‘দৈনিক অগ্ৰদূত’এ ।

চলিত বছৰৰ মে’ত বিহাৰৰ ৰোহতাছ জিলাৰ আমিয়াৱাৰ গাঁৱৰ এটা লোহাৰ দলঙৰ পৰা খুলি লৈ গৈছিল চোৰে । সেই ঘটনাৰ কিছু মাহৰ পাছতে ৰে’লৰ ইঞ্জিন চুৰিৰ ঘটনা ঘটে মুজফ্ফৰপুৰত । এইবাৰ চলন্ত ৰে’ল পৰা তেল চুৰিৰ ঘটনা প্রকাশ্যত আহিল ।

Exit mobile version