Car Theft : গেৰেজ খুলি মিনিটত সাত কোটি টকাৰ পাঁচখন গাড়ী লৈ উধাও চোৰ, প্রকাশ্যত ভিডিঅ’

images 1

Car Theft :

সম্পূৰ্ণ ছবিৰ কায়দাত সাত কোটি টকাৰ পাঁচখন গাড়ী এক মিনিটত গেৰেজৰ পৰা চুৰি কৰি পলায়ন কৰিলে দলে । দুঃসাহসিক সেই চুৰিৰ ঘটনা পোহৰলৈ আহিল ক্ল’জড ছার্কিট কেমেৰাত ।

যোৱা ১১ নৱেম্বৰত গাড়ী চুৰিৰ এই ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ এছেক্স কাউন্টিৰ বুলফান গাঁৱত । সোমবাৰে সেই ঘটনা প্রকাশ্যত আহিছে ।

আৰক্ষী সূত্রে খবৰ, চোৰে এছেক্স কাউন্টিৰ এটা গেৰেজত কে’বা কোটি টকাৰ গাড়ী থকাৰ সম্ভেদ পাইছিল । তাৰ পাছতেই নিশাৰ অন্ধকাৰত গেৰেজত আক্ৰমণ কৰে চোৰৰ দলে ।

Click here 

প্রথমে গেৰেজৰ মূল গেট ভাঙি দিয়ে চোৰে । ইয়াৰ পাছত ইখনৰ পাছত সিখন গাড়ী চলাই এক মিনিটৰ ভিতৰত চুৰি পর্ব শেষ কৰি উধাও হয় সিহঁত ।

যি পাঁচখন গাড়ী চুৰি হৈছে তাৰ ভিতৰত আছে — এৰিয়েল এটম, মাৰ্চিডিজ এ৪৫ এএমজি চাৰি মেটিক, পোৰ্ছে কেইয়েন, পোৰ্ছে ৯১১ কেৰেৰা আৰু মাৰ্চিডিজ মেবেক । চিচটিভি ফুটেজত দেখা গৈছে, চোৰৰ দলৰ এজন সদস্য‌ই গেটৰ সন্মুখত গাড়ীকেইখন ওলোৱাত সহায় কৰিছিল ।

আৰক্ষীয়ে জনাইছে, পাঁচখন গাড়ীৰ ভিতৰত মাৰ্চিডিজ মেবেক গাড়ীখন উদ্ধাৰ হৈছে । বাকী চাৰিখন গাড়ীৰ সন্ধান অব্যাহত আছে ।

Exit mobile version