Gokul Basumatari : সোণাৰি থানাত সতীৰ্থৰ গুলীচালনাত নিহত গকুল বসুমতাৰীৰ নশ্বৰদেহ চামগুৰিত

শোকাকুল পৰিৱেশত জোৱানজনলৈ শেষ শ্ৰদ্ধাঞ্জলী আৰক্ষীৰ

e07b07b4 df54 456d a967 dd3221bf9b55

Gokul Basumatari  :

সোনাৰী থানাত সতীৰ্থৰ গুলীচালনাত প্ৰাণ হেৰুওৱা গকুল বসুমতাৰীৰ নশ্বৰদেহ আজি নগাঁৱৰ চামগুৰিৰ বাসগৃহলৈ অনা হয়। জোৱানজনৰ মৃতদেহ বাসগৃহলৈ অনাৰ পিছতে বিৰাজ কৰে এক শোকাকুল পৰিৱেশ ৷

গকুল বসুমতাৰীৰ নশ্বৰদেহ এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ গৃহগাওঁ খনত লোকে লোকাৰণ্য হৈ পৰে ৷ অকালতে বৈধব্যক আকোঁৱালি লোৱা পত্নী আৰু পৰিয়ালৰ লোকে হত্যাকাৰীক উচিত শাস্তিৰ দাবী তোলে।

আনহাতে নশ্বৰদেহ বাসগৃহত অনাৰ পিছতে পিছতে বিভিন্ন দল- সংগঠন আৰু আৰক্ষীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰয়াত জোৱানজনলৈ।

উল্লেখ্য যে মঙলবাৰে দীপক কাকতি নামৰ এজন সতীৰ্থই আৰক্ষী জোৱানে কৰ্তব্যৰত অৱস্থাতে গকুল বসুমতাৰীক শূন্য দূৰত্বৰ নিৰ্বিচাৰ গুলীচালনা কৰি হত্যা কৰিছিল । তিনিটা গুলীয়ে ডিঙি ভেদি যোৱা গকুলৰ থিতাতে মৃত্যু ঘটে ৷

ইতিমধ্যে এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী দীপক কাকতিক ৷

Exit mobile version