Bridal Makeup : কইনাৰ মেকআপ কৰিবলৈ গৈ গ্ৰেপ্তাৰ মেকআপ আৰ্টিষ্ট ! কিন্তু কিয়

download 11

Bridal Makeup :

কইনাৰ পোছাক নষ্ট কৰা আৰু কইনাক ভাবুকি দিয়াৰ অভিযোগত আৰক্ষীয়ে এজন মেকআপ আৰ্টিষ্টিক গ্ৰেপ্তাৰ কৰে । ঘটনাটো মধ্য প্ৰদেশৰ জবলপুৰৰ।

কইনাৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে বুধবাৰে মেকআপ আৰ্টিষ্টজনক গ্ৰেপ্তাৰ কৰে।

জবলপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত শুক্লাই কয় যে ঘামাপুৰ অঞ্চলৰ এগৰাকী যুৱতীয়ে তেওঁৰ বিয়া উপলক্ষে তিনি ডিচেম্বৰত কোতৱালী বজাৰৰ এখন বিউটি পাৰ্লাৰৰ গৰাকীৰ স’তে বিবাহৰ পোছাকৰ বাবে যোগাযোগ কৰে।

বিউটি পাৰ্লাৰখনৰ গৰাকীয়েই কইনাগৰাকীক সজোৱাৰ কথা আছিল। এই ক্ষেত্ৰত, কইনাৰ পৰিয়ালৰ পৰা আগতীয়া ধনো লোৱা হৈছিল। বিউটি পাৰ্লাৰৰ গৰাকীয়ে আশ্বাস দিছিল যে তাই সময়ৰ আগতে অনুষ্ঠানটোত উপস্থিত হ’ব।

কিন্তু বিয়াৰ দিনা, বিউটি পাৰ্লাৰৰ গৰাকীয়ে সময়মতে অনুষ্ঠানস্থলীত উপস্থিত নোহোৱাত , কইনাৰ পৰিয়ালে তেওঁৰ স’তে যোগাযোগ কৰে। তেতিয়া বিউটি পাৰ্লাৰৰ গৰাকীয়ে কইনাক ওলোটাই তেওঁৰ দোকানলৈ যাবলৈ কয়।

অভিযোগ কৰা হৈছে যে কইনাগৰাকী পাৰ্লাৰত উপস্থিত হোৱাৰ পাছত, পাৰ্লাৰৰ গৰাকীয়ে ৰূপসজ্জা নকৰি তেঁওৰ সহায়কক কইনাক ৰুপসজ্জা কৰিবলৈ কয় ।

কিন্তু সহায়কজনে কইনাৰ পোছাক নষ্ট কৰিলে। যেতিয়া কইনা আৰু তেওঁ মাতৃয়ে প্ৰতিবাদ কৰে, তেওঁলোকৰ স’তে দুৰ্ব্যৱহাৰ কৰা হয় । সৌন্দৰ্য শিল্পীগৰাকীৰ আচৰণত ক্ষুব্ধ হৈ কইনাগৰাকীৰ মাতৃয়ে মঙলবাৰে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে।

Exit mobile version