Lifestyle : আপোনাৰ ওঁঠ ফাটিছে নেকি ? জানক ওঁঠ ফটাৰ পৰা মুক্তি পোৱাৰ সহজ উপায় –

WhatsApp Image 2022 12 08 at 17.15.27

Lifestyle :

শীতকাল মানেই ছালৰ সমস্যা । বিশেষকৈ শীতৰ ঠাণ্ডাত সকলো লোকৰে ওঁঠ ফটা সমস্যা আৰম্ভ হোৱা দেখা যায় । এই সমস্যাৰ বাবে মানুহে প্ৰাণখুলি হাঁহিবও নোৱাৰা হয় । কেতিয়াবা ফটা ওঁঠৰ পৰা তেজ নিৰ্গত হোৱাও দেখা যায় । আচলতে শীত অহা আগেয়ে আমি ওঁঠৰ পৰিচৰ্যা কৰা দৰকাৰ ।

ফটা ওঁঠৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ বহুতেই চেপষ্টিক অথবা লিপবাম ব্যৱহাৰ কৰে । এই সামগ্ৰীয়ে মানুহক সাময়িকভাৱে স্বস্তি দিয়ে যদিও ই চিৰস্থায়ী সমাধান নহয় । লিমবাম বা চেপষ্টিকৰ বিকল্প হিচাপে প্ৰাকৃতিক উপায়েৰেও আমি ওঁঠ যোৰৰ পৰিচৰ্যা কৰিব পাৰো । তেন্তে জানো আহক ফটা ওঁঠ ভাল কৰাৰ কেইটামান সহজ উপায় –

# ফটা ওঁঠ ভাল কৰিবলৈ বহুতে নাৰিকল তেল ব্যৱহাৰ কৰা দেখা যায় । নাৰিকল তেলত প্ৰচুৰ পৰিমাণে ফেটি এচিড থাকে , যি ওঁঠৰ শুকান ভাৱ দূৰ কৰি মসৃন কৰি ৰাখে । সেইয়েহে দৈনিক ওঁঠত নাৰিকল তেল লগালে ওঁঠ ফটা সমস্যা নাইকীয়া হয় ।
# শীতত ছালৰ লগতে ওঁঠখন শুকান হৈ যায় বাবে এল’ভেৰাৰ জেল ব্যৱহাৰ কৰিব লাগে । অতিকৈ সহজলভ্য এল’ভেৰা জেল দৈনিক ব্যৱহাৰ কৰিলে ওঁঠ ফটা সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি ।

# ঘি লগালেও ওঁঠৰ শুকান ভাৱ দূৰ হৈ ওঁঠখন নৰম হৈ থাকে । গতিকে দৈনিক ঘি লগাইও ওঁঠ ফটা সমস্যাৰ পৰা মুক্তি পাব পাৰিব ।

# অলিভ অইলক আমি প্ৰাকৃতিক ময়েশ্চাৰাইজাৰ বুলি জানো । ইয়াত থকা ফেটি এচিডে ছালৰ শুকান ভাৱ দূৰ কৰাৰ লগতে ফটা ওঁঠৰ সমস্যাও ভাল কৰে । দৈনিক দুবাৰকৈ ওঁঠত অলিভ অইল লগালে ওঁঠ মসৃন হোৱাটো খাটাং ।

# সজীৱ গোলাপৰ পাহি লৈ কেঁচা গাখীৰত কিছুসময় ডুবাই ৰাখি , সেই পাহি দৈনিক তিনিবাৰকৈ ওঁঠত লগালে ওঁঠ মসৃন হোৱাৰ লগতে ফটা ওঁঠৰ সমস্যা নাইকীয়া হ’ব ।

# আমি জানো যে , পানী খোৱাতো স্বাস্থ্যৰ পক্ষে ভাল । ঠিক তেনেদৰে পৰ্যাপ্ত পানী খালে ওঁঠ ফটা সমস্যা দূৰ হোৱাৰ লগতে ওঁঠৰ আদ্ৰতা ধৰি ৰখাত সহায় হয় ।
# ওঁঠ ভালে ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে ফল ও শাক-পাচলি খাব লাগে । বিশেষকৈ ভিটামিন চি যুক্ত ফল যেনে- নেমু , কমলাটেঙা আদিয়ে ওঁঠৰ আদ্ৰতা ধৰি ৰখাত সহায় কৰে ।

# ওঁঠত যিমানেই লিপবাম বা মাস্ক লগাব, ওঁঠৰ ওপৰত মৃত কোষৰ আৱৰণ জমা হ’ব । তেতিয়া কোনো লিপবাম বা মাস্কে ওঁঠৰ সঠিক পৰিচৰ্যা কৰিব নোৱাৰে । তেনেক্ষেত্ৰত ওঁঠত নিয়মিত এক্সফোলিয়েট কৰা জৰুৰী । অৱশ্যে বজাৰৰ পৰা ওঁঠ স্ক্ৰাব ক্ৰয় কৰাতকৈ নিজেই অলিভ অইল আৰু চেনী মিহলি কৰি ঘৰুৱা স্ক্ৰাব তৈয়াৰ কৰি লগালে বেছি লাভৱান হ’ব পাৰিব । এনেকৈ ওঁঠত স্ক্ৰাব ব্যৱহাৰ কৰিলে ওঁঠযোৰ কোমল আৰু মসৃন হৈ পৰিব ।

# ওঁঠযোৰ কেতিয়াও জিভাইদি তিয়াই থাকিব নেলাগে । এই অভ্যাসে ওঁঠযোৰ অধিক কোমল কৰি ওঁঠ ফটাত অৰিহণা যোগায় । গতিকে ওঁঠযোৰ আৰ্দ্ৰ কৰি ৰাখিবলৈ এই অভ্যাস ত্যাগ কৰিব লাগিব ।

# ওঁঠত সদায় নামী অৰ্থাৎ বেণ্ডযুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব লাগে । বিশেষকৈ লিপষ্টিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত । ওঁঠত কেতিয়াও বেছি শুকান বা মেটজাতীয় লিপষ্টিক ব্যৱহাৰ কৰিব নেলাগে ।

# ওঁঠ ফাটিলে কেতিয়াও দাঁতেৰে ফটা ছাল চিঙিব নেলাগে । এনে কৰিলে ওঁঠৰ ফটা সমস্যা বাঢ়ি যোৱাৰহে সম্ভাৱনা থাকে ।

Exit mobile version