Chaygaon Alcohol Factory:সুৰা-স্প্ৰীট কাৰখানাৰ পৰা ওলোৱা বিশাক্ত পানীয়ে

প্ৰদুষিত কৰিছে ছয়গাঁও উদ্যোগীক অঞ্চলক,বিশাক্ত পানী সেৱনৰ ফলত মৃত্যু গো-ধনৰ

WhatsApp Image 2022 12 09 at 14.41.55

Chaygaon Alcohol Factory:

কামৰূপ জিলাৰ ছয়গাঁও ওদ্যোগিক বিকাশ কেন্দ্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত কেন্দ্ৰটোত থকা সুৰা-স্প্ৰীট কাৰখানাৰ পৰা ওলোৱা আবৰ্জনাযুক্ত বিশাক্ত পানীয়ে প্ৰদূষিত কৰিছে কৃষিভূমি ৷

বায়’কেমিকেল প্ৰাইভেট লিমিটেড নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা সুৰা আৰু স্প্ৰীটৰ আৱৰ্জনাযুক্ত বিশাক্ত পানী এৰি দিয়ে ৰাজহুৱা নলা- নৰ্দমাত৷

এই পানী বৈ গৈ পৰিছে কাষতে থকা কৃষিভূমিত ৷ ভয়ংকৰ বিপদ কঢ়িয়াই অনা উদ্যোগ প্ৰতিষ্ঠানটোৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবে ইতিমধ্যে বিশাক্ত পানী সেৱনৰ ফলত মৃত্যু ঘটিছে গো-ধনৰ ৷

উদ্যোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে স্থানীয় লোক ৷ শীৰ্ঘে উদ্যোগ প্ৰতিষ্ঠানটোৱে বিশাক্ত পানী এৰি দিয়াটো বন্ধ নকৰিলে উদ্যোগ প্ৰতিষ্ঠানৰ কাম-কাজ বন্ধ কৰাৰ হুংকাৰ দিয়ে৷

আনহাতে কৃষিভূমি তথা জীৱকুললৈ সংকট কঢ়িয়াই অনা বায়’কেমিকেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কোনো সময়োচিত ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰে স্থানীয় গঞাই ৷

Exit mobile version