Sahid Khageswar Talukdar :শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন

"দিল্লীয়ে অসম চুক্তিক লৈ কৰি থকা ৰাজনীতিৰ বাবেই অসম চুক্তি ৰূপায়ন হোৱা নাই" - লুৰীণজ্যোতি গগৈ

WhatsApp Image 2022 12 10 at 18.42.46

Sahid Khageswar Talukdar :

 “অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ মহান জাতীয় বীৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে জাতীয় বীৰ শ্বহীদ সকলৰ যিটো ত্যাগ, জাতীয় প্ৰেমৰ যিটো চেতনা, জাতীয় জীৱনৰ প্ৰতি থকা যিটো দায়বদ্ধতা আৰু মহানতা সেইবোৰ আমাৰ জাতিটোৰ প্ৰতি গৰাকীৰ কাৰণে প্ৰেৰণা আৰু সাহসৰ প্ৰতীক হৈ ৰ’ব।

অসম আন্দোলনৰ পিছত হোৱা চুক্তি অনুসৰি বিদেশী সমস্যাটোৰ সমাধান হ’ব লাগিছিল। কিন্তু দিল্লীয়ে অসমৰ প্ৰতি কৰি থকা অন্যায়-অবিচাৰ,অসম চুক্তিক লৈ কৰি থকা ৰাজনীতিৰ বাবেই অসম চুক্তি ৰূপায়ণ হোৱা নাই।

অসমৰ বিদেশী সমস্যাটো আজিও জীয়াই আছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰিছে,তাকো দিল্লী -দিছপুৰে বিধি পথালি দিছে,হকা বাধা দিছে।

দিল্লী-দিছপুৰে মূল গোটেই বিষয়টো বাঞ্চাল কৰিবৰ কাৰণে, মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে,অসম চুক্তিক নালিফাই কৰিবৰ কাৰণে,নস্যাত কৰিবৰ কাৰণে কূট কৌশল অব্যাহত ৰাখিছে।

চৰকাৰে অসমৰ ৰাইজক বিদেশী নাগৰিকৰ এটা দাষ্টবিনৰূপে ব্যৱহাৰ কৰি আহিছে। এতিয়া বিজেপি চৰকাৰে অসম চুক্তিক নস্যাত কৰিবৰ কাৰণে অসমত ‘কা’ জাপি দিছে ।

‘কা’ জাপি দিয়াৰ ফলতে অসম চুক্তিৰ মূল্য,অৰ্থ নাইকীয়া হৈ গ’ল।” এইদৰে কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি ভৱানীপুৰৰ উজান বৰবৰীত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীত অসম জাতীয় পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত শ্বহীদ দিৱসত সংবাদ মাধ্যমৰ আগত।

লুৰীণজ্যোতি গগৈয়ে তেওঁৰ উদাত্ত কণ্ঠেৰে কয় যে – “হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগতে কৈছিল যে – অসমত শ্বহীদ সকলক সুৱৰি স্মৃতি সৌধ,এখন বিশাল শ্বহীদ উদ্যান কৰিব।

য’ত পৃথিৱীৰ ভিন্ন প্ৰান্তৰ মানুহ আহি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমত ভয়াবহ অবৈধ বিদেশী নাগৰিকৰ তথা বা্লাদেশীৰ প্ৰব্ৰজনৰ পৰা ৰক্ষা কৰিবলৈ হোৱা ঐতিহাসিক অসম আন্দোলনৰ স্মৃতি বিজৰিত বিভিন্ন বিষয়বোৰ উপলব্ধি কৰিব পাৰিব।

তাৰ লগে লগে এটা ছাত্ৰ আন্দোলনৰ ত্যাগৰ ইতিহাস, তেওঁলোকৰ সেই সময়ৰ চিন্তা বা ত্যাগক যাতে উপলব্ধি কৰিব পাৰে। কিন্তু আজিলৈ সাতটা বছৰ ধৰি অসমত শ্বহীদ স্মৃতি সৌধ, শ্বহীদ উদ্যান নহ’ল।

শ্বহীদৰ নামত ভুৱা প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ এয়াই শ্বহীদৰ প্ৰতি, অসমীয়া জাতিৰ থকা প্ৰেম !”।লুৰীণজ্যোতি গগৈয়ে “অসমত শুদ্ধ ধাগৰিকপঞ্জী নোহোৱাৰ বাবে চৰকাৰ দায়ী” বুলিও কয়।

উল্লেখ্য যে আজি দিনযোৰা কাৰ্যক্ৰমণিকাৰে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নিজ জন্ম গাঁও উজান বৰবৰীৰ শ্বহীদ গৰাকীৰ সমাধিস্থলীত বিভিন্ন কাৰ্যক্ৰমণিকাৰে উদযাপিত হয় শ্বহীদ দিৱস।

শ্বহীদ দিৱসত পুৱাৰ ভাগত অসম জাতীয় পৰিষদৰ পতাকা উত্তোলন,সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পিছতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীত স্থাপিত শ্বহীদ বেদীত অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ, ৰাইজে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

দুপৰীয়াৰ পৰা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰিন্স ফাইজুৰ হক আৰু বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক হৰিধন লহকৰে আত ধৰা মুকলি সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাষণ দিয়াৰ লগতে উপ সভাপতি ড° উমেশ ডেকা, সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, যুটীয়া সম্পাদক কাস্তম বসুমতাৰী, বজালী জিলা সমিতিৰ সভাপতি দিলীপ দাস,সৰুপেটা আৰ্যভট্ট একাডেমিৰ ৰেক্টৰ কিশোৰ কুমাৰ চৌধুৰী, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ কামেশ্বৰ তালুকদাৰৰ লগতে দলটোৰ কেবাগৰাকীও নেতাই অতিথিৰূপে অংশগ্ৰহণ কৰে।

সভাত ভৱানীপুৰ সমষ্টিৰ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্য,নিৰ্যাতিত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়া শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয়।

ভৱানীপুৰ-সৰুপেটাত শ্বহীদ দিৱসঃ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুস্থলীত ভৱানীপুৰ শ্বহীদ ভৱন প্ৰাংগণত আজি ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দিনযোৰাকৈ শ্বহীদ দিৱস উদযাপন কৰে।

সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো সৰুপেটাৰ শ্বহীদ ভৱন প্ৰাংগণত বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ উজান বৰবৰীৰ জন্ম গৃহতো শ্বহীদ গৰাকীৰ পৰিয়ালবৰ্গই নাম প্ৰসংগ, ভাগৱত পাঠেৰে মৃত্যু তিথি পালন কৰে।

Exit mobile version