সংবাদ মাধ্যমৰ অস্তিত্ব সুদৃঢ় কৰাৰ আৰু সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ আহ্বানৰে মুখ্যমন্ত্ৰীক অলপতে সাক্ষাৎ কৰে সদৌ অসম সাংবাদিক সন্থাৰ নেতৃবৰ্গই । এই সাক্ষাৎ কালত সন্থাৰ দাবী অনুসৰি গুৱাহাটীত এটা স্থায়ী কাৰ্যালয় হ’লে খুব ভাল হয় বুলি স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে আৰু এই সন্দৰ্ভত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকালৈ এক টোকা প্ৰেৰণ কৰি বিহিত ব্যৱস্থাৰ আশ্বাস প্ৰদান কৰে ।
মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰৰ ছপা মাধ্যমত চৰকাৰী বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি আৰু অধিক যোগান, জনসংযোগ বিভাগৰ এক্ৰিডিয়েচন সমিতিত স্থায়ী সদস্য পদ প্ৰদান আৰু স্থায়ী কাৰ্যালয় নোহোৱালৈকে চৰকাৰী ঘৰ এটা আজুৰ নামত আৱন্টন । সাংবাদিক ফেল’শ্বিপ আৰু বঁটাত আজু নেতৃত্বৰ পৰামৰ্শ গ্ৰহণ ।
মুখ্য মন্ত্ৰীৰৰ আন্তৰিকতাত আজু মুগ্ধ আৰু এই সৌজন্যমূলক সাক্ষাৎ প্ৰাসংগিক হ’ব বুলি আস্থা প্ৰকাশ কৰে সংগঠনৰ সভাপতি পংকজ কুমাৰ নাথে ।






























