Qatar World Cup 2022 : নায়ক হয়ও সমালোচিত হ’ল আৰ্জেণ্টিনাৰ গোলৰক্ষক : অশ্লীল ভাষাৰে গালি নেডাৰলেণ্ডৰ কোচক

4e1dbb92 61b3 45a9 aa72 536fcbeeca7e

Qatar World Cup 2022 :

প্ৰতিপক্ষ নেডাৰলেণ্ডৰ দুটা গল ধৰি আৰ্জেণ্টিনাৰ গলৰক্ষক এমিলিয়ানো মাৰ্টিনেচে নায়কৰ আসন লাভ কৰিলে যদিও সম্প্ৰতি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেওঁ ।

ট্ৰাইবেকাৰত নেডাৰলেণ্ডক হৰুৱাই আৰ্জেণ্টিনাক বিশ্বকাপৰ চেমিফাইনেলত প্ৰৱেশ কৰোৱাৰ অন্যতম কাণ্ডাৰী আছিল তেওঁ । বিশেষকৈ নেডাৰলেণ্ডৰ দুটাকৈ গল বচাইছিল তেওঁ ।

যাৰবাবেই আজি তেওঁ নায়কৰ শাৰীত ঠাই পালে । ন ডিচেম্বৰৰ শেষ নিশা হোৱা কোৱাটাৰ ফাইনেলৰ পিছতেই আজি সকলোৰে মুখত এমিলিয়ানোৰ নাম ।

কিন্তু খেলৰ পিছতেই অন্য এক সমালোচনাই ঘেৰি ধৰিছে গলৰক্ষকজনক ।
প্ৰাপ্ত খবৰ অনুসৰি , নেডাৰলেণ্ডৰ কোচ লুই ফ্যান হালকক তেওঁ অশ্লীল ভাষাৰে গালি পাৰিছিল ।

নিজৰ দলটো চেমিফাইনেলত প্ৰৱেশ কৰাৰ পিছতে মাটিত শুই পৰা দেখা গৈছিল এমিলিয়ানোক । ইয়াৰপিছতে তেওঁ জাৰ্চি খুলি ফালি পেলাইছিল আৰু খালি গাৰে নেডাৰলেণ্ডৰ খেলুৱৈ বহা বেঞ্চৰ ফালে আগবাঢ়ি গৈছিল আৰু নেডাৰলেণ্ডৰ কোচ ফ্যান হালকক উদ্দেশ্য়ি অশ্লীল বাক্যবাণ প্ৰক্ষেপ কৰিছিল ।

সম্প্ৰতি এই ঘটনাৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত বিয়পি পৰা দেখা গৈছে । উল্লেখ্য যে , এই সমগ্ৰ ঘটনাটোত আৰ্জেণ্টিনাৰ দলটোৱে এমিলিয়ানোক সমৰ্থন কৰা দেখা গৈছিল আৰু নেডাৰলেণ্ডৰ বেঞ্চৰ পৰা তেওঁক টানি লৈ গৈছিল ।

এতিয়া প্ৰশ্ন উঠিছে কিয় নেডাৰলেণ্ডৰ প্ৰশিক্ষকজনক আক্ৰমণ কৰিছিল এমিলিয়ানোয়ে । কাৰণ , খেলৰ পূৰ্বে সাংবাদিকৰ বৈঠকত নেডাৰলেণ্ডৰ প্ৰশিক্ষক ফেনে পেনাল্টিত হ’লেও নেডাৰলেণ্ড জিকিব বুলি উল্লেখ কৰিছিল ।

যি বক্তব্য শুনি এমিলিয়ানো ক্ষোভত ফাটি পৰিছিল আৰু পেনাল্টিত প্ৰতিপক্ষৰ দুটা গল ৰাখি একপ্ৰকাৰ আৰ্জেণ্টিনাৰ জয় নিশ্চিত কৰিছিল ।

মাৰ্টিনেচৰ আচৰণ দেখি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় , ‘’ আমাৰ মন ধৰে খেলৰ ক্ষেত্ৰত প্ৰশিক্ষক ফ্যান মনে মনে থকা উচিত আছিল ।

ফুটবলৰ পৰা আমি এটা কথা শিকিছো যে , সদায় তললৈ মূৰ কৰি আমি কথা ক’ব লাগে । তেওঁৰ এই বক্তব্যই আমাৰ জিকাৰ ইচ্ছা অধিক বঢ়াই তুলিছিল ।‘’

Exit mobile version