Indo- Bangla Train Service: বহু প্ৰত্যাশিত ভাৰত-বাংলাদেশৰ মাজৰ ৰে’ল সেৱা জুন মাহত হ’ব কাৰ্যক্ষম বাংলা ৰে’লমন্ত্ৰীৰ ঘোষণা

f04b7c6f 961d 4b3a b759 56404019bb10

Indo- Bangla Train Service:

সকলো ঠিকে থাকিলে ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল সেৱা আৰম্ভ হ’ব অহা বছৰৰ জুন মাহত। এই কথা সদৰি কৰে চুবুৰীয়া দেশ বাংলাদেশৰ ৰে’ল মন্ত্ৰী ম: নুৰুল ইছলামে৷

সোমবাৰে মন্ত্ৰী গৰাকীয়ে কয়, ভাৰতৰ আগৰতলা আৰু বাংলাদেশৰ আখৌৰাৰ মাজেৰে চলাচল কৰিব এই ৰে’ল সেৱা ।

উল্লেখ্য যে মুঠ ১২.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথৰ ৬.৭৮ কিলোমিটাৰ বাংলাদেশ ভূখণ্ডত পৰাৰ বিপৰীতে বাকী ৫.৪৬ কিলোমিটাৰ অংশ পৰে ত্ৰিপুৰাত ।

স্মতৰ্ৱ্য যে ২০১০ জানুৱাৰী মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰত ভ্ৰমণৰ কালছোৱাত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ড: মনমোহন সিঙক সাক্ষাৎ কৰে বাংলা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷

এই সাক্ষাৎৰ সময়ত চূড়ান্ত হৈছিল দুই দেশৰ মাজত ৰে’ল সেৱাৰ সিদ্ধান্ত ৷
ইতিমধ্যে যুদ্ধকালীত তৎপৰতাৰে ৰে’ল লাইন সম্প্ৰসাৰণৰ কাম চলি আছে ৷ ৰে’ল লাইন সহ আন কামত অধিক ধন ব্যয় কৰিছে ভাৰত চৰকাৰে ৷

Exit mobile version