Robbery : নগাঁৱৰ ধিঙত চাঞ্চল্যকৰ ঘটনা

প্ৰাক্তন বিধায়কসহ পত্নীক আক্ৰমণ কৰি ডকাইতে লুট কৰিলে সোণৰ আ-অলংকাৰ

WhatsApp Image 2022 12 13 at 15.54.13

Robbery :

নগাঁও জিলাৰ ধিঙত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ ধিঙৰ প্ৰাক্তন এ আই ইউ ডি এফৰ বিধায়ক মোবাৰক আলী পাঠানৰ গৃহত নিশা ডকাইতিৰ কাণ্ড |

নিশা সশস্ত্ৰ ডকাইতৰ দলে পাঠানৰ বাসগৃহত প্ৰৱেশ কৰি পাঠানসহ পৰিয়ালৰ আন সকলক আক্ৰমণ কৰি লুটপাত চলাই ৷ ডকাইতৰ আক্ৰমণত গুৰুত্বভাৱে আহত হয় প্ৰাক্তন বিধায়কগৰাকী, তেওঁৰ পত্নী ৱাহিদা ৰহমান আৰু বোৱাৰী ৷ বৰ্তমান অচেতন অৱস্থাত থকা তিনিওকে নগাঁৱৰ ডি কেয়াৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছে ৷

প্ৰাপ্ত খবৰ মতে সোমবাৰে নিশা ধিঙৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ খৈৰামাৰীস্থ বাসগৃহত সশস্ত্ৰ ডকাইতৰ দলে এটি প্ৰৱেশ কৰি প্ৰাক্তন বিধায়ক জন,তেওঁৰ পত্নী আৰু বোৱাৰীয়েকক উপযুপৰি প্ৰহাৰ কৰে ৷ডকাইতৰ প্ৰহাৰত তিনিও মজিয়াত অচেতন হৈ ঢলি পৰে ৷

পিছত সশস্ত্ৰ দলটোৱে ঘৰৰ গডৰেজ ভাঙি সোণৰ আ- অলংকাৰ আৰু মাটিৰ নথিপত্ৰ লুট কৰি উধাও হয় ৷

আজি পুৱাতে স্থানীয়লোকে পাঠান সহ তিনিওকে অচেতন অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ নগাঁৱৰ ডি কেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰে ৷

ইতিমধ্যে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ ধিং আৰক্ষী প্ৰাক্তন বিধায়ক গৰাকীৰ বাসগৃহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version