Cyber Crime : তিনি বছৰত ১৬ লাখ চাইবাৰ অপৰাধ

চাইবাৰ অপৰাধত শীর্ষ পঞ্চম স্থানত অসম

download 1 8

Cyber Crime :

চাইবাৰ অপৰাধ তথা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱা দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে অসমে। ক’ভিডৰ পাছত চাইবাৰ অপৰাধৰ ঘটনা দুগুণলৈ বৃদ্ধি হোৱা ৰাজ্যখনত বিগত বৰ্ষটোত মুঠ ৪,৮৪৬টা এনে অপৰাধৰ গোচৰ ৰুজু হৈছে।

গৃহ মন্ত্রণালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০১৭ৰ পৰা বিগত পাঁচ বছৰত দেশত ১,৯৬,৭৮৮টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে যদিও যোৱা তিনিবছৰত অৰ্থাৎ 2020ৰ পহিলা জানুৱাৰীৰ পৰা চলিত সাত ডিচেম্বৰ পর্যন্ত দেশত ১৬ লাখ চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে।

লোকসভাত কালি গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই এই তথ্য সদৰী কৰি কয় যে নেছনেল চাইবাৰ ক্রাইম ৰিপ’টিং পৰ্টেলত যোৱা তিনি বছৰত ১৬ লাখ চাইবাৰ অপৰাধৰ ঘটনাৰ অভিযোগ দাখিল হৈছে।

২০২০ৰ পহিলা জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ সাত ডিচেম্বৰ পৰ্যন্ত দাখিল হোৱা উল্লিখিত এই বৃহৎ সংখ্যক অভিযোগসমূহৰ ভিতৰত ৩২ হেজাৰটা ঘটনাৰ গোচৰ ৰুজু কৰা হৈছে।

‘১৯৩০’ নম্বৰৰ জৰিয়তে ভুক্তভোগীয়ে দিয়া তাৎক্ষণিক অভিযোগ ভিত্তিত এই তিনিবছৰত প্ৰায় ১৮০ কোটি টকা চাইবাৰ অপৰাধীৰ কৱলৰ পৰা ৰক্ষা তথা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰীজনে সদৰী কৰিছে।

উল্লেখ্য যে ক’ভিডৰ পাছত অসমকে ধৰি দেশৰ কে’বাখনো ৰাজ্যত পূৰ্বৰ তুলনাত ব্যাপক হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা।

বিশেষকৈ ভুক্তভোগীৰ সংশ্লিষ্ট বেংকত থকা একাউণ্টৰ তথ্য লৈ বিভিন্ন অজুহাত দেখুৱাই গোপন তথ্য সংগ্ৰহ কৰি, ভুক্তভোগীয়ে ব্যৱহাৰ কৰা বিদ্যুৎ তথা বিভিন্ন প্ৰতিষ্ঠানৰ বিল পৰিশোধ, লটাৰীত নগদ ধনৰ পুৰস্কাৰ লাভ, অনলাইন শ্বপিং আদিকে ধৰি দৈনিক নতুন নতুন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধীয়ে পেলোৱা এই লুণ্ঠনৰ জালত পৰি বহু লোকৰ বেংক একাউণ্টৰ পৰা ধন নিমিষতে উদং হৈ পৰিছে।

গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি, ২০২১ত দেশৰ ভিতৰতে সৰ্বাধিক তেলেংগানা, উত্তৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অসমত সৰ্বাধিক চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে। উল্লিখিত বৰ্ষটোত তেলেংগানাত ১০,৩০৩টা, উত্তৰপ্ৰদেশত ৮,৮২৯টা, কৰ্ণাটকত ৮,১৩৬টা, মহাৰাষ্ট্ৰত ৫,৫৬২টা আৰু অসমত ৪,৮৪৬টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে।

উল্লেখ্য যে ২০১৭ৰ পৰা ২০২১লৈ দেশত সৰ্বমুঠ ১,৯৬,৭৮৮টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে আৰু ইয়াৰে ১৩,৭৪৯টা গোচৰ অসমত ৰুজু হৈছে।

তথ্য অনুসৰি, অসমত ২০১৭ত ১,১২০টা, ২০১৮ত ২,০২০টা, ২০১৯ত ২,২৩১টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ইয়াৰ সংখ্যা বৃদ্ধি হৈ ২০২০ত ৩,৫৩০টা আৰু ২০২১ ৪,৮৪৬টা চাইবাৰ অপৰাধৰ গোচৰ অসমত ৰুজু হৈছে বুলি গৃহ মন্ত্রণালয়ৰ তথ্যত প্ৰকাশ পাইছে।

উল্লেখ্য যে উল্লিখিত এই পাঁচ বছৰত ৰাজ্যখনত ৰুজু হোৱা ১৩,৭৪৯টা মুঠ গোচৰৰ বিপৰীতে ১২,৪৪০জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও ইয়াৰ গৰিষ্ঠ সংখ্যক গোচৰতে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লিখিত এই মুঠ গোচৰৰ বিপৰীতে অসম আৰক্ষীয়ে ১,৬৯৩টা গোচৰৰহে অভিযোগনামা দাখিল কৰাৰ তথ্য প্রকাশ পাইছে। তথ্য অনুসৰি, ২০১৭ত অসমত ৰুজু হোৱা ১,১২০টা চাইবাৰ অপৰাধৰ গোচৰৰ বিপৰীতে আৰক্ষীয়ে ১,২৬১জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৭৯টা গোচৰৰহে অভিযোগনামা দাখিল কৰা হৈছে।

একেদৰে ২০১৮ত ২,০২২টা গোচৰৰ বিপৰীতে ১,৭৩০জনক গ্ৰেপ্তাৰ, ২০১টা গোচৰৰ অভিযোগনামা দাখিল, ২০১৯৩ ২,২৩১টা গোচৰৰ বিপৰীতে ১,৬৩৬জনক গ্ৰেপ্তাৰ আৰু ৩৪৯টা গোচৰৰ অভিযোগনামা, ২০২০ত ৩,৫৩০টা গোচৰৰ বিপৰীতে ১,৭১৭জনক গ্ৰেপ্তাৰ আৰু ৩৮৫টা গোচৰৰ অভিযোগনামা আৰু ২০২১ ত ৰুজু হোৱা ৪,৮৪৬টা গোচৰৰ বিপৰীতে ৬,০৯৬জনক গ্ৰেপ্তাৰ আৰু ৫৭৯টা গোচৰৰ অভিযোগনামা দাখিল কৰাৰ তথ্য গৃহ মন্ত্রণালয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০১৭ৰ তুলনাত দেশত চাইবাৰ অপৰাধৰ ঘটনা দুগুণলৈ বৃদ্ধি পাইছে আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ৰাজ্যত চাইবাৰ অপৰাধৰ আৰক্ষী থানা স্থাপন কৰা হৈছে যদিও বৰ্তমানলৈ অসমত এখনো চাইবাৰ অপৰাধৰ থানা স্থাপন হোৱাৰ তথ্য সদনত দাখিল কৰা তালিকাত উল্লেখ নাই।

বৰ্তমানলৈ ২০২খন চাইবাৰ অপৰাধৰ থানা স্থাপন কৰা হৈছে। ইয়াৰে ৪৬খন তামিলনাডুত, ৪৩খন মহাৰাষ্ট্ৰত, ৩১খন পশ্চিম বংগ, ১৯ খন কোলা, ১৪ খন গুজৰাট ১১খন কৰ্ণাটকত আছে।

Exit mobile version