Guwahati : পাথৰকুৱাৰী বিষ্ণু ৰাভা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

প্ৰাচীৰ পত্ৰিকা "প্ৰভাতী পোহৰ" উন্মোচন, হস্তশিল্পৰ প্ৰদৰ্শনী মুকলি

WhatsApp Image 2022 12 14 at 18.23.03

Guwahati :

মহানগৰীৰ পাথৰকুৱাৰীস্থিত বিষ্ণু ৰাভা জাতীয় বিদ্যালয়ৰ আজি ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উদ্‌যাপন কৰা হয় ৷ এই উপলক্ষে পুৱা ন বজাত বিদ্যালয়খনৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী উৎপলা দাসে ৷

ইয়াৰ পাছতে বন্তি প্ৰজ্জ্বলন আৰু ছহীদ তৰ্পণ কৰে বিদ্যালয়খনৰ পৃষ্ঠপোষক ভদ্ৰেশ্বৰ বৰুৱাই ৷ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা হস্তশিল্পৰ এখন প্ৰদৰ্শনীও মুকলি কৰা হয় ৷

ইফালে পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা অনুস্থিত হোৱা বঁটা বিতৰণী সভাত উপস্থিত থাকে ৫২ নং ৱাৰ্ডৰ পাৰিষদ গোকুল গোস্বামী, সমাজসেৱক প্ৰকাশ বৰকটকী, এছ আৰ জুনিয়ৰ কলেজৰ অধ্যাপক কিশোৰ থাপাকে আদি কৰি বহু গণ্যমান্য ব্যক্তি ৷

মুকলি সভাৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ব্ৰজেন চক্ৰৱৰ্তীৰ দ্বাৰা বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা “প্ৰভাতী পোহৰ” উন্মোচন কৰা হয় ৷

উক্ত সভাতেই বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালিৰ প্ৰতিযোগিতাত স্থান লাভ কৰা শিক্ষাৰ্থীক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

প্ৰতিস্থা দিৱসৰ অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা গীত-মাত নৃত্যই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

Exit mobile version