Skin Care For Male : পুৰুষৰ বাবে ছালৰ যত্ন

শীতকালত পুৰুষে ছালৰ যত্ন কি দৰে ল’ব –

WhatsApp Image 2022 12 14 at 19.41.43

Skin Care For Male :

শীতকালত নাৰী-পুৰুষে উভয়ে ছালৰ যত্ন লোৱা উচিত । কিন্তু অধিকাংশ পুৰুষৰ এই ক্ষেত্ৰত কোনো উৎসাহ দেখা পোৱা নেযায় । তেওঁলোকে ভাবে যে , স্নান কৰাৰ সময়ত চাবোন ঘহি গা-মুখ ধুলেই ছালৰ যত্ন লোৱা হয় ।

কিন্তু সেই ধাৰণা সম্পূৰ্ণ ভুল । ইয়াৰোপৰি ঠাণ্ডা পৰা লগে লগেই দাড়ি কটা বিষয়ে পুৰুষৰ খুব এটা আগ্ৰহ দেখা পোৱা নেযায় । তাৰ ওপৰত বতাহত অহা ধুলি-বালিৰ পৰিমাণ বাঢ়ি যায় আৰু ছালৰ ওপৰত এটা ময়লাৰ স্তৰ জমা হয় । পুনৰ ৰ’দত ওলাই যোৱাৰ বাবে ছালৰ ওপৰত এটা কলা দাগ পৰে ।

সমান্তৰালকৈ ব্লেক হেডচ বা হোৱাইট হেডচৰ সমস্যাই দেখা দিয়ে । যিহেতু পুৰুষৰ ক্ষেত্ৰত ব্লেক হেডচ আৰু হোৱাইট হেডচৰ সমস্যা সৰ্বাধিক হোৱা দেখা পোৱা যায় । সেই সময়ত ছালৰ যত্ন বিশেষভাৱে লোৱাৰ প্ৰয়োজন আছে ।
তেনেক্ষেত্ৰত শীতত পুৰুষে কিদৰে ছালৰ যত্ন ল’ব ?

১/ মুখ পৰিষ্কাৰ কৰা : স্নানৰ সময়ত কেৱল চাবোন দি মুখ-গা ধুলেই ছালৰ যত্ন লোৱা নুবুজাই । আচলতে ছালৰ ধৰণ অনুযায়ী দৈনিক পাতল ফেচওৱাচ ব্যৱহাৰ কৰিব লাগে । সাধাৰণতে মহিলাতকৈ পুৰুষৰ ছাল বেছি শুকান হয় ।

ইয়াৰোপৰি পুৰুষৰ বাবে বেলেগ ফেচওৱাচ পোৱা যায় । কামৰ মাজত নোৱাৰিলেও সমগ্ৰ দিনটোত অন্তত দুবাৰকৈ হ’লেও ফেচওৱাচ ব্যৱহাৰ কৰাটো জৰুৰী

২/ ছালৰ আদ্ৰতা ধৰি ৰখা : ছালৰ আদ্ৰতা ধৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ সমান্তৰালকৈ ময়েশ্চৰাইজাৰ ব্যৱহাৰ কৰাও জৰুৰী । বিশেষকৈ শীতৰ আগমণৰ লগে লগেই পুৰুষৰো মুখ , ওঁঠ ফটা দেখা যায় । এই সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ পেট্ৰলিয়ামযুক্ত জেলি ব্যৱহাৰ কৰিব লাগে ।

৩/ চানস্ক্ৰিন ব্যৱহাৰ কৰা : বাহিৰলৈ ওলাই যোৱাৰ পূৰ্বে পুৰুষেও চানস্ক্ৰিন ব্যৱহাৰ কৰা দেখা যায় । কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল । দিনত ঘৰত থকা সময়ছোৱাতো চানস্ক্ৰিন ব্যৱহাৰ কৰিব লাগে ।

যিহেতু বতাহত অহা না-না দূষিত পদাৰ্থ , ধুলি , পাৰ্টিকেলচে ছালৰ সাংঘাটিক ক্ষতি কৰে । সেইবাবে ছালৰ ধৰণ অনুযায়ী তেলহীন চানস্ক্ৰিন ব্যৱহাৰ কৰিলে মুখৰ অনেক ধৰণৰ ক্ষতিৰ পৰা ছালখন ৰক্ষা পৰে ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত যদিও ছালৰ যত্ন লোৱাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version