Kashmiri Pandits : কাশ্মীৰি পণ্ডিতৰ আশ্রয় শিবিৰ কবৰস্থান বনোৱাৰ সকীয়নি নতুন সন্ত্ৰাসগোষ্ঠীৰ

1671089460 kashmir pandit

Kashmiri Pandits :

কাশ্মীৰি পণ্ডিত আৰু চৰকাৰী কর্মচাৰীসকলক হত্যাৰ ভাবুকি দিছে উপত্যকাত সক্রিয় নতুন সন্ত্ৰাসবাদী সংগঠন ‘কাশ্মীৰ ফাইট’এ । সন্ত্রাসৰ ভয়ত ঘৰ ত্যাগ কৰা কাশ্মীৰি পণ্ডিতসকলৰ আশ্রয় শিবিৰবোৰ (ট্রানজিট কল’নি) ‘কবৰস্থান’ বনোৱাৰ সকীয়নি দিছে তেওঁলোকে ।

বুধবাৰে জম্মু আৰু কাশ্মীৰৰ লেফটেনেন্ট গভর্নৰ মনোজ সিন্‌হাই কাশ্মীৰ উপত্যকাৰ ঘৰ ত্যাগ কৰা পণ্ডিতসকলৰ বাবে বাৰামুলা আৰু বান্দিপুৰাত নির্মীয়মাণ দুটা ট্রানজিট কল’নি পৰিদর্শন কৰিবলৈ গৈছিল । ইয়াৰ পাছতেই পণ্ডিত হত্যাৰ হুমকি দিছে ‘কাশ্মীৰ ফাইট’ গোষ্ঠীয়ে ।

তেওঁলোকৰ অভিযোগ শৰণার্থী পণ্ডিতসকলৰ আশ্রয়স্থল তৈয়াৰ কৰাৰ নামত ইজৰায়েলি কৌশল গ্ৰহণ কৰিছে নৰেন্দ্র মোদী চৰকাৰে । গাজা ভূখণ্ড আৰু ৱেষ্ট বেংক অঞ্চলত যেনেধৰণৰ পেলেস্তেনীয় অঞ্চলৰ মাজত ইহুদিসকলৰ উপনিবেশ গঠন কৰা হৈছে, এই ক্ষেত্রতো একেই ।

বিগত কে’বা বছৰ ধৰি কাশ্মীৰি পণ্ডিতসকলক বাছি বাছি হত্যা কৰাৰ কৌশল অৱলম্বন কৰিছে উপত্যকাৰ সন্ত্ৰাসবাদী সংগঠনসমূহে ।

লস্কৰ-ই-তইবা, জইছ-ই-মহম্মদৰ দৰে পাক সহযোগী পৰিচিত সন্ত্ৰাসবাদী গোষ্ঠীৰ লগতে পণ্ডিত হত্যাৰ ঘটনাত উত্থাপন হৈছে কাশ্মীৰ ফ্রিডম ফাইটাৰ (কেএফএফ), কাশ্মীৰ টাইগাৰ্ছ নামৰ নতুন সন্ত্ৰাসবাদী সংগঠনৰ নামো ।

এইবাৰ পণ্ডিতসকলক লক্ষ্য কৰিলে আন এক নতুন সন্ত্ৰাসগোষ্ঠী ‘কাশ্মীৰ ফাইট’এ ।

Exit mobile version