Selling Pak Embassy In Us :লাও লোৱা অৱস্থা পাকিস্তানৰ !

ধাৰত পোত গৈ বিক্ৰী কৰিব ওলাইছে আমেৰিকাস্থ দূতাবাস

WhatsApp Image 2022 12 16 at 20.42.32

Selling Pak Embassy In Us :

ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা দিনক দিনে বেয়াৰ পিনে ঢাল খাইছে ৷ আনকি চীন সহ বহু উন্নত ৰাষ্ট্ৰৰ পৰা লোৱা ঋণৰ বোজাই ভাৰাক্ৰান্ত কৰি তুলিছে দেশখনক৷একেদৰে দেশখনত আভ্যন্তৰীন অন্তৰ্দ্বন্দ্বই দেশখনৰ সমস্যা
অতি জটিল কৰি তুলিছে ৷

এনেক্ষেত্ৰত ইছলামাবাদে দেশখনৰ অৰ্থনৈতিক সংকট কিছু হ’লেও মোছন কৰিবলৈ শেহতীয়াকৈ লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

সেই অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটনত থকা পুৰণি পাক দূতাবাস ভৱনটো বিক্ৰী কৰাৰ সিদ্ধান্ত লয় পাক চৰকাৰে ৷ আনকি ইয়াৰ বাবে দেশখনৰ বিদেশ মন্ত্ৰণালয়ে দিছে সেউজ সংকেত ৷

উল্লেখ্য যে বিগত পোন্ধৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা দূতাবাস ভৱনটো যুক্তৰাষ্ট্ৰৰ অভিজাত অঞ্চলত আছে ৷ইয়াৰ মূল্য ইতিমধ্যে পাক চৰকাৰে নিৰ্ধাৰ কৰিছে প্ৰায় এশ কোটি ৷

দেশখনৰ শেহতীয়া দূৰ্বল বিত্তীয় অৱস্থাক জোৰাটাপলি মাৰিবৰ বাবে এইয়া সাময়িক সকাহ হিচাপে বিবেচিত কৰিছে ৷
মনকৰিবলগীয়া যে পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ হ্ৰাস পাইছে ৬.৭ বিলিয়ন ডলাৰলৈ ।

আনহাতে ৰপ্তানিও হ্ৰাস পোৱাৰ বাবে আমদানিৰ বাবে ঋণ লোৱা দেশসমূহক ঋণ পৰিশোধ কৰিবলৈ পাক চৰকাৰৰ হাতত নাই পৰ্যাপ্ত বৈদেশিক মুদ্ৰা ৷ এক প্ৰকাৰ লাওলোৱা অৱস্থা হৈছে পাকিস্তানৰ ৷

Exit mobile version