Health Benefits of Chirata : চিৰতা তিতাৰ মিঠা গুণ !

2gsjgna1uruv8X2R8t7XDv5HGXyHWCCu4rKmbB5pmEzjYStzyN5etMa5c12LUTnrZJa4uMCK8yQfWkm6MHaDjvTNVuykVYkeDsuEwPo3D7BggvMMv6

Health Benefits of Chirata :

চিৰতাৰ স্বাদ অতিপাত তিতা, কিন্তু এই বনস্পতিৰ গুণ অতিশয় মিঠা। এইবিধ বনজৰ আছে নানান গুণ। চিৰতাৰ ডালৰ শাখা ধুই পৰিষ্কাৰ কৰি পানীত তিয়াই ৰাখি পুৱা সেই পানী পান কৰিলে অনেক উপকাৰ পোৱা যায়। চিৰতা হৈছে হৃৎপিণ্ড আৰু যকৃতৰ সবলকাৰক। চকুৰ জ্যোতিবৰ্ধক আৰু জ্বৰতো বিশেষ উপকাৰী।


চিৰতাৰ উপকাৰিতা

* শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

* নিয়মিতৰূপে তিতা খাদ্য খালে ৰোগৰ প্ৰৱণতা কম থাকে।

* চিৰতা খালে যিকোনো কটা, ছিঙা, ক্ষতস্থান সোনকালে উপশম হয়।

*মধুমেহৰ ৰোগীৰ বাবে চিৰতা অতি উপকাৰী পথ্য। চিৰতাৰ ৰসে ততালিকে তেজত চেনিৰ মাত্ৰা হ্রাস কৰে।

*উচ্চমাত্ৰাৰ ক’লেষ্টেৰল, উচ্চ ৰক্তচাপ, অতি ওজনবিশিষ্ট লোকৰ বাবেও চিৰতা অতি দৰকাৰী।

* টাইফয়েড জ্বৰ হোৱাৰ পাছত বহুতৰ পুনৰ পেৰাটাইফয়েড জ্বৰ হয়। সেয়ে টাইফয়েড জ্বৰৰ পাছতে চিৰতাৰ ৰস পান কৰিলে যথেষ্ট উপকাৰ পোৱা যায়।

*চিৰতাৰ ৰস কৃমিনাশক।

*তাৰুণ্য ধৰি ৰখাতো চিৰতাৰ গুৰুত্ব অপৰিসীম।

* শৰীৰৰ অলসভাব, জ্বৰ জ্বৰ লগা আদি চিৰতাৰ ৰসে দূৰ কৰে।

*নিয়মিতৰূপে তিতা বা চিৰতাৰ ৰস খালে খাদ্যত বিষক্রিয়া হোৱাৰ আশংকা কম থাকে।

* চিৰতাই ৰক্ত পৰিষ্কাৰকৰূপে কাম কৰে।

*যিসকলৰ মধুমেহ নাই অথচ তেজত চেনিৰ পৰিমাণ সকলো সময়তে স্বাভাৱিকৰ তুলনাত বেছি থাকে, তেওঁলোকৰ বাবে চিৰতা গুৰুত্বপূৰ্ণ অস্ত্র।

Exit mobile version