Sontoli : এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভূগিছে সোণতলী- আৰিকাটি অঞ্চলবাসীয়ে

19a43809 325c 46e5 882e b0e92253e8ee

Sontoli :

কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ আৰিকাটিৰ ই এণ্ড ডি ৰিংবান্ধ মথাউৰিৰ পূৱ-উত্তৰ অংশৰ বৰ আৰিকাটি, সৰু আৰিকাটি, পানীখাইতী, বৰদিয়া নয়াপাৰা আদি অঞ্চলৰ ৰাইজ-শিক্ষাৰ্থীয়ে বিপদসংকুল কাঠৰ দলঙেৰে দুৰ্বিষহ যাতায়াত অব্যাহত ৰাখিছে ৷

আৰিকাটিকে ধৰি ইয়াৰ পাৰ্শৱৰ্তী অঞ্চল সমূহৰ আটাইবোৰ জৰাজীৰ্ণ বাট-পথসমূহ যাতায়াতৰ বাবে সুচল নকৰাত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, বিগত দিনৰ কংগ্ৰেছ চৰকাৰখনে অঞ্চলটোৰ উন্নয়নলৈ পিঠি দিয়াত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷

আনহাতে নিৰ্বাচনৰ সময়ত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অঞ্চলটোৰ বাট-পথৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া প্ৰহসনত পৰিণত হৈছে৷

বিধায়িকা নন্দিকা দাসে দুৰ্গম অঞ্চলটোৰ উন্নয়ননৈ পিঠি দিয়াৰো অভিযোগ উত্থাপিত হৈছে৷ সোণতলীৰ আৰিকাটিৰ ৰিংবান্ধ মথাউৰিৰ পূৱ অংশৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ এশ শতাংশ বাট-পথেই সম্প্ৰতি জৰাজীৰ্ণ হৈ আছে।

ইয়াৰ উপৰিও আৰিকাটিৰ একমাত্ৰ জৰাজীৰ্ণ কাঠৰ দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত বিদ্যালয়- মহাবিদ্যালয় আৰু কণ কণ শিশু শিক্ষাৰ্থী আৰু ৰাইজে মৰণক শৰণ দি অতি বিপদসংকুল বাবে যাতায়ত কৰি আহিছে।

উল্লেখ্য, এই দুৰ্গম অঞ্চলসমূহৰ ভিতৰত বিশেষকৈ আৰিকাটি, পানীখাইতীৰ উপৰি ৮-১০খন গাঁও তথা চৰাঞ্চলৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথত এই কাঠৰ দলং খনত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনাও সংগঠিত হোৱাৰ নজিৰ আছে ৷

মন কৰিবলগীয়া এই দুৰ্গম অঞ্চলৰ বৃহৎসংখ্যক ৰাইজ তথা স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে জৰাজীৰ্ণ বাট-পথেৰে আৰু বাৰিষা কালত নাৱেৰে বিপদসংকুল ভাৱে যাতাযাত অব্যাহত ৰাখিবলগীয়া হয়৷ আনকি বছৰৰ অধিকসংখ্যক দিনে নাৱেৰে বহিৰ্জগতৰ স’তে দুৰ্গম অঞ্চলবাসীয়ে যোগাযোগ স্থাপন কৰিবলগীয়া হয়৷

প্ৰতিটো নিৰ্বাচনৰ সময়ত ভোট বিচাৰি প্ৰতিনিধিসকলে এই আৰিকাটি, পানীখাইতী, বৰদিয়া নয়াপাৰা, বৰঘোল গাঁৱলৈ যায় যদিও নিৰ্বাচনৰ পিচতে পাহৰি যায় গাঁৱৰ উন্নয়নৰ কথা৷

বিগত দিনৰ পঞ্চায়ত প্ৰতিনিধিসকলে বাট-পথৰ কোনো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে৷ দুৰ্গম অঞ্চলবোৰত এম্বুলেঞ্চ যাব নোৱাৰাত কেতিয়াবা প্ৰসূতিয়ে বাটতে সন্তান প্ৰসৱ কৰাৰ দৰে ঘটনাও ঘটি থকা বুলি গাঁওবাসীয়ে অভিযোগ কৰে৷

বাট-পথৰ অভাৱত জটিল অৱস্থাৰ ৰোগীক ঠেলা নতুবা ঘোঁৰাৰ গাড়ীৰে সুদুৰ সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিবলগা হয়৷ আনহাতে ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা-দীক্ষাকে আদি কৰি সকলো উন্নয়নমূলক আঁচনিৰ পৰাও বঞ্চিত অঞ্চলবাসীয়ে৷

আনকি যাতায়াত সমস্যাৰ বাবে কৃষক ৰাইজে উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ ৰাজ্যৰ কোনো এখন চৰকাৰে দুৰ্গম অঞ্চলটোৰ যাতায়াত সুচল নকৰাত ৰাইজে স্বৰাজোত্তৰ কালতো যাতায়াতৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে যমৰ-যাতনা ভূগিবলগীয়া হৈছে৷

আৰিকাটিৰ ই এণ্ড ডি মথাউৰি সংলগ্ন জৰাজীণ কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে পাৰ্শ্বৱৰ্তী বৰদিয়া নয়াপাৰা, পানীখাইতী, বৰঘোল আদি অঞ্চলৰ মুখ্য সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ ৰাইজে বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছে৷

Exit mobile version