Lifestyle : স্বাস্থ্যৰ পক্ষে বেয়া , নিশা কি পাঁচবিধ খাদ্য খাব নেলাগে

WhatsApp Image 2022 12 18 at 18.25.54

Health :

বৰ্তমান যেন প্ৰায় মানুহৰ এটাই সমস্যা ৰাতি টোপনি নহা । আচলতে এই সমস্যাৰ লগত আমাৰ খাদ্যভ্যাস জড়িত হৈ থাকে । দিনৰভাগত ভাল, এনে কিছুমান খাদ্য আছে , যিবোৰ নিশা খালে আমাৰ শৰীৰত উপকাৰ কৰাৰ সলনি অপকাৰহে কৰিব পাৰে ।

সাধাৰণতে নিশা আমি সদায় পাতলীয়া তথা কম তেল-মচলাযুক্ত আহাৰ খাব লাগে । নিশাৰ গৰু ভোজন কৰিলে পাকস্থলীয়ে বিপাক কৰাত কষ্ট পোৱাৰ লগতে পেটত বদহজমৰ সৃষ্টি কৰে । ফলত আমাৰ টোপনিত ব্যাঘাত জন্মে ।

তেনেক্ষেত্ৰত নিশা আমি কি কি খাদ্য বৰ্জন কৰিব লাগে –

 ১/ চাহ, কফি : নিশা কেতিয়াও আমি এই দুবিধ পানীয় খাব নেলাগে । কিয়নো এই দুবিধ পানীয়ত প্ৰচুৰ পৰিমাণে কাফেইন থাকে । যি আপোনাক টোপনি অহাত ব্যাঘাত জন্মাব লগতে ই হজমতো খেলি-মেলিৰ সৃষ্টি কৰে । অৱশ্যে ৰাতি শুৱলৈ যোৱা ছয় ঘণ্টা পূৰ্বে খালে ইয়াৰ প্ৰভাৱ কম হয় ।

 ২/ ফল : বহুতেই ৰাতি আহাৰ খোৱাৰ পিছত ডেজাৰ্ট হিচাপে ফল খোৱা দেখা যায় । কিন্তু এই অভ্যাস স্বাস্থ্যৰ কাৰণে অতি ক্ষতিকাৰক । ই আপোনাৰ হজমত বাধাৰ সৃষ্টি কৰি গেছৰ সমস্যাৰ সৃষ্টি কৰিব । যিহেতু পেটত গেছ হ’লে আপোনাৰ টোপনি নহাতো খাটাং ।

৩/ অতিৰিক্ত মচলাযুক্ত খাদ্য : ৰাতি কেতিয়াও অত্যাধিক মচলা দিয়া আহাৰ গ্ৰহণ কৰিব নেলাগে লগতে ৰাতি কেতিয়াও পেটভৰ্তি কৰিও খাব নেলাগে । খালেও দুই-তিনি ঘণ্টা শাৰীৰিক পৰিশ্ৰম কৰিব লাগে । বিশেষকৈ শুৱাৰ সময়ত মানুহৰ হজমপ্ৰক্ৰিয়াৰ গতি কমি যায় । গতিকে পাৰিলে মানুহে খালি পেটে শুৱাৰ অভ্যাস গঢ়ি তুলিব লাগে । যিহেতু ভৰা পেটত শুলে মানুহৰ হজমত খেলি-মেলি হ’বই । তেনেক্ষেত্ৰত ৰাতি কেতিয়াও মাংস বা আন মচলাযুক্ত খাদ্য গ্ৰহণ কৰিব নেলাগে ।

৪/ বিলাহী , বেঙেনা : বিলাহী , বেঙেনা জাতীয় পাচলিত প্ৰচুৰ পৰিমাণে টাইৰামিন থাকে । যি ন’ৰপাইনাফ্ৰিনৰ মাত্ৰা বৃদ্ধি কৰে । ন’ৰপাইনফ্ৰিন বা ন’ৰএড্ৰিনালিন এনে এটা উদ্দীপক , যি শৰীৰটো সক্ৰিয় কৰি ৰাখে । ফলত আমাৰ টোপনিত ব্যাঘাত জন্মে ।

৫/ ব্ৰকলি ও কেপচিকাম : এই দুই পাচলিয়ে মানুহৰ এচিডিটি বঢ়ায় । গতিকে ৰাতি এই দুবিধ পাচলিৰ ব্যঞ্জণ পৰিহাৰ কৰাই শ্ৰেয় লগতে ৰাতি মিষ্ট্ৰিজাতীয় খাদ্যও গ্ৰহণ কৰিব নেলাগে । চকলেট , দৈ , আদিও ৰাতি খোৱা উচিত নহয় । ইয়াৰোপৰি ৰাতি ফেটজাতীয় খাদ্য কেতিয়াও খাব নেলাগে । এইধৰণৰ খাদ্যই হজমত ব্যাঘাত জন্মাই টোপনিৰ সমস্যা বৃদ্ধি কৰে ।

বি : দ্ৰ : এই প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও অত্যাধিক টোপনি নহাটো কোনো ৰোগৰো লক্ষণ হ’ব পাৰে । গতিকে এনে সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version