Cm Himanta Biswa Sarma: ভিডিঅ কনফাৰেন্স যোগে উপায়ুক্ত- এছ পিৰে বৈঠক মুখ্যমন্ত্ৰীৰ

পথ সুৰক্ষা আইন বলৱৎ, অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন, অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত আলোচনা

WhatsApp Image 2022 12 19 at 18.16.25

Cm Himanta Biswa Sarma:

সোমবাৰে জনতা ভৱনত ভিডিঅ’ কনফাৰেন্সযোগে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ সৈতে পথ সুৰক্ষা আইন বলৱৎ, অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন, অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণ আৰু ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত বাইক ষ্টাণ্ট, তীব্ৰ গতি পৰিহাৰ আৰু মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথত টহল তীব্ৰতৰ কৰি তোলাকে ধৰি পথ সুৰক্ষা ব্যৱস্থা বলৱৎ কৰাৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

পথ দুৰ্ঘটনাৰ নিয়মীয়া পৰ্যালোচনাৰ লগতে নিয়মীয়াকৈ দুৰ্ঘটনা সংঘটিত হোৱা ঠাই চিনাক্ত কৰি এনে ঠাই জিলা পথ সুৰক্ষা সমিতিৰ দ্বাৰা পৰিদৰ্শন কৰি সংশোধনী ব্যৱস্থাৰ বাবে পদক্ষেপ লোৱাৰো পোষকতা কৰে৷।

বনভোজস্থলীত কঠোৰ সতৰ্কতাৰে মদ্যপান কৰি আৰু দ্ৰুতগতিত গাড়ী চলোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশনা প্ৰদান কৰে। আবকাৰী বিভাগে বনভোজস্থলীত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।

লগতে ‘দুৰ্ঘটনামুক্ত নৱবৰ্ষ’ৰ বাবে অহা বছৰৰ এই সময়ছোৱাত দুৰ্ঘটনা ন্যূনতম ২০% হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত উপায়ুক্তসকলক ১০ এপ্ৰিলৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে অমৃত সৰোবৰৰ ক্ষেত্ৰত ২,৯৮৫টা অমৃত সৰোবৰৰ খননৰ সময় নিৰ্ধাৰিতভাৱে সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক ক্ষিপ্ৰতাৰে বিতং প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

একেদৰে ধান ক্ৰয় ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ ক্ষেত্ৰ হোৱাৰ বাবে ইতিমধ্যে ২০৯টা কেন্দ্ৰক অৱগত কৰা হৈছে আৰু আজিলৈকে ৯,৫৩৬ মেট্ৰিক টন ধান ক্ৰয় কৰি ১১৩টা কেন্দ্ৰ কাৰ্যক্ষম কৰি তোলা হৈছে ।

ক্ৰয় অভিযান তীব্ৰতৰ কৰিবলৈ, কৃষকসকলক সংগঠিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড:শৰ্মাই ৷

Exit mobile version