Crime : ম’বাইল চুৰৰ অভিযোগত চলন্ত ৰে’লৰ পৰা পেলাই দিলে যাত্ৰীক, তাৰ পাছত !

1669792795 death

Crime :

ম’বাইল চুৰ কৰাৰ অভিযোগত চলন্ত ৰেলত প্ৰহাৰ কৰি পেলাই দিয়া হ’ল এজন যাত্ৰীক । যাৰ ফলত মৃত্যু হয় যাত্ৰীজনৰ । এই অভিযোগ উত্থাপন কৰিলে দিল্লী অভিমুখী ১৪২০৫ অযোধ্যা কেণ্টনমেণ্ট-পুৰণি দিল্লী এক্সপ্ৰেছয়ে ।

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ তিলহাৰ ষ্টেচনৰ কাষত যাত্ৰীজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, বিগত শুকুৰবাৰে নিশা ৰে’লৰ কম্পাৰ্টমেণ্টত যাত্ৰীজনক প্ৰহাৰ কৰি তেওঁক ৰেলৰ পৰা পেলাই দিয়াৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে।

৬৬ ছেকেণ্ডৰ এই ভিডিঅ’ তুলিছিল ৰে’লখনৰ একাংশ যাত্ৰীয়ে ।ইতিমধ্যে আৰক্ষীৰ হাতত ভিডিঅ’টো lআহি পৰে । ভিডিঅ’টোত দেখা গৈছে যে, কেবাজনো লোকে এজন যাত্ৰীক মাৰপিট কৰিছে । আৰু তাত উপস্থিত থকা একাংশ লোকে কাষৰ ৰৈ হাঁহি আছে ।

আহত যাত্ৰীজনে তেওঁক উদ্ধাৰ কৰিবলৈ সকলোৰে ওচৰত কাকুতি মিনতি কৰিছে যদিও তেওঁক কোনো সহায়ৰ হাত আগবঢ়োৱা নাই অথচ তেঁওক চলন্ত ৰে’লখনৰ পৰা ঠেলি দিয়া হ’ল।

দেওবাৰে, এই ঘটনা প্ৰসঙ্গত আৰক্ষীয়ে জনাইছে, ৰেলখনৰ এগৰাকী মহিলা যাত্ৰীয়ে অভিযোগ কৰিছে যে শ্বাহজাহানপুৰ ষ্টেচনৰ ওচৰত তেওঁৰ মোবাইলটো হেৰাইছে ।

পাছত তেওঁৰ ফোনটো এজন যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। সেই যাত্ৰীজন লক্ষ্ণৌৰ পৰা ৰেলখনত উঠে । ইয়াৰ পাছতে, ৰেলখনৰ কিছুযাত্ৰীয়ে যাত্ৰীজনক আক্ৰমণ কৰে। যাত্ৰীজনক প্ৰায় আধা ঘণ্টা ধৰি প্ৰহাৰ কৰা হয় বুলি অভিযোগ কৰা হৈছে।

যাত্ৰীজনৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত আৰক্ষীয়ে বৰেলী ষ্টেচনৰ পৰা নৰেন্দ্ৰ দুবে নামৰ এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে ভিডিঅ’টোৰ সহায়ত নৰেন্দ্ৰক চিনাক্ত কৰে । ঘটনাটোত আন কে’বাজনো জড়িত আছে । আৰক্ষীয়ে তেওঁলোকৰ অনুসন্ধান চলাই আছে । নিহত যাত্ৰীজনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে জানিব পৰা নাই।

Exit mobile version