Leg Cramps : শীত কালত ভৰি টানি ধৰে ? ঘৰোৱা উপায়েৰে কেনেদৰে পাব মুক্তি ?

Leg cramp GettyImages1167411834 Header 1024x575 1

Leg Cramps :

বহু সময় এটা ঠাইত বহি থকাৰ পাছত খোজকাঢ়িলেই টানি ধৰে ভৰিৰ পেশীত । ভৰিত টানি ধৰাৰ এই সমস্যা মূলত শীতকালত অধিক দেখা যায় ।

কেতিয়াবা আকৌ খোজকাঢ়ি থাকোতেই হঠাৎ বেঁকা হৈ যায় ভৰিৰ আঙুলি । সে সময়তেই হাত আৰু কঁকালৰ পেশীও টানি ধৰে । চিকিৎসকৰ মতে, শৰীৰত আর্দ্রতা কমিলে হঠাতে এই টান ধৰাৰ সমস্যা হ’ব পাৰে ।

গ্রীষ্মকালত শৰীৰ সৰ্বাধিক ঘামে । ফলত ঘামৰ মাধ্যমত শৰীৰত থকা পানী ওলাই যায় । তেতিয়া পানীৰ নাটনি হয় । শীতত শৰীৰত পানীৰ নাটনিৰ অন্য কাৰণ আছে । কাৰণ, এই বতৰত পানী খোৱাৰ প্রৱণতা একেবাৰে কমি যায় ।

ইয়াৰ উপৰি শৰীৰত লেকটিক এচিড, ভিটামিন ডি, ভিটামিন ই আৰু পটাছিয়ামৰ স্বল্পতাৰ বাবেঔ পেশী টানি ধৰিব পাৰে ।

ৰাস্তা-ঘাটত খোজকাঢ়ি থাকোতে বহু সময়ত টানি ধৰিলে একো কৰিব নোৱাৰি । কিন্তু যাতে এই ধৰণৰ সমস্যা নহয়, তাৰ বাবে পূর্বপ্রস্তুতি কৰা প্ৰয়োজন ।

১) হাত, ভৰি, আঙুলি বা কঁকালৰ ক্রেম্পৰ পৰা মুক্তি পাবলৈ আক্রান্ত স্থান আৰু তাৰ চাৰিওপাশে আঙুলিৰ চাপত মালিচ কৰিব পাৰে । এনেদৰে মালিচ কৰিব লাগিব, যাতে টান হৈ যোৱা পেশী লাহে লাহে স্বাভাৱিক হয় । অৱশ্যে খুব বেছি জোৰে জোৰে মালিচ কৰাৰ প্ৰয়োজন নাই । তেনে কৰিলে হিতে বিপৰীতহে হ’ব পাৰে ।

২) ভৰি টানি ধৰিলে মালিচৰ পাছত ঠাইডোখৰ কিছু স্বাভাৱিক হ’লে অচি কম চাপেৰে লাহে লাহে ষ্ট্ৰেচিং কৰক । অন্য কোনো ব্যায়াম এই সময়ত নকৰাই ভাল । ভৰি দীঘল কৰি দিলে পেশিশশীবোৰে নমনীয়তা ঘূৰাই পাব ।

৩) টানি ধৰা ঠাইডোখৰত গৰম পানীৰ বেগ ৰাখক । ১০ ছেকেণ্ড ৰখাৰ পাছত তাত বৰফৰ সেঁক দিয়ক । পুনৰ ১০ ছেকেণ্ড পাছত গৰম পানীৰ বেগ ৰাখক । এনেদৰে ঠাণ্ডা আৰু গৰম সেঁক দি থাকক যেতিয়ালৈ আৰাম নাপায় ।

৪) য’ত টানি ধৰ, তাত হালধি গুৰি আৰু ফটকিৰি একেলগে পিহি লগাওক । মালিচ কৰাৰ প্রয়োজন নাই । শুকাই যোৱাৰ পাছত পানীৰে ধুই ল’ব । উপকাৰ পাব ।

Exit mobile version