Qatar World Cup : বিশ্বকাপ জিকি কিমান টকা পালে আৰ্জেণ্টিনাই ?

RTSEA24C original

Qatar World Cup :

২৮ দিনীয়া যুদ্ধৰ অন্তত অৱশেষত শেষ হ’ল বিশ্বকাপ মহাৰণ । ৩৬ বছৰৰ পাছত শেষ হাঁহি মাৰিলে আৰ্জেণ্টিনাই

সমান্তৰালকৈ মেছিৰ কেৰিয়াৰত পূৰ্ণতা প্ৰাপ্তি হ’ল । মেছিৰ স্বপ্ন পূৰণৰ এই বিশেষ দিনটোত দলে পালে কোটি কোটি টকা ।
ফুটবল বিশ্বকাপক আটাইতকৈ জনপ্ৰিয় টুৰ্নামেণ্ট বুলি আখ্যা দিয়া হয় । কোৱা হয় ‘দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ ।‘’ সেইয়েহে বিজয়ী দল আৰ্জেণ্টিনাই কোটি কোটি টকা পাইছে ফিফাৰ তৰফৰ পৰা ।

প্ৰাপ্ত তথ্য অনুসৰি , এইবাৰ বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাই ফিফাৰ পৰা লাভ কৰিছে ৪৩৯ কোটি টকা । একেদৰে ৰানাৰ্চ আপ দল ফ্ৰান্সে পাইছে ৩১৩ কোটি টকা সমান্তৰালকৈ তৃতীয় স্থানপ্ৰাপ্ত ক্ৰোয়েচিয়াই লাভ কৰিছে ২৮২ কোটি টকা আৰু চতুৰ্থ স্থানপ্ৰাপ্ত মৰক্কয়ে পাইছে ২৬০ কোটি টকা ।

কালি নিশা ৮-৩০ বজাত আৰম্ভ হোৱা বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলত ফ্ৰান্সক ট্ৰাইবেকাৰত ৪-২ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ।

বহু প্ৰত্যাহিত খেলখনৰ মুখ্য আকৰ্ষণ আছিল মেছি । যিহেতু মেছিয়ে বিশ্ব ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা পূৰ্বেই ঘোষণা কৰিছিল যদিও কালি বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈজনে ঈশ্বৰৰ একান্ত ইচ্ছাত এইসময়ত অৱসৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় ।

Exit mobile version