FIFA World Cup 2022 : বিশ্বকাপ ট্রফি লৈ দেশত উভতিল মেছিৰ দল, পুৱাই উত্তাল আর্জেন্টিনা, প্রকাশ্যত ভিডিঅ’

WhatsApp Image 2022 12 20 at 19.45.28

FIFA World Cup 2022 :

বিশ্বকাপ জিকি দেশত উভতিল মেছি । বুয়েনছ আইৰেছত ভৰি দিয়াৰ লগে লগে উষ্ণ অভ্যর্থনা জনোৱা হ’ল মেছিৰ দলক ।

বিমানবন্দৰৰ বাহিৰত পথত লক্ষাধিক লোক । তেওঁলোক আর্জেন্টিনা দলৰ হাতত ট্রফি চাবৰ বাবে ৰৈ আছিল । সমগ্ৰ দেশত উল্লাস ।

মঙলবাৰে পুৱতি নাশাই ৰোমৰ পৰা মেছিৰ বিমান নামে বুয়েনছ আইৰেছৰ ইজেইজা আন্তর্জাতিক বিমানবন্দৰত । আগৰ পৰাই বিমানবন্দৰ আৰু তাৰ বাহিৰত ভিৰ জমা হৈছিল ।

বিমানৰ পৰা প্রথমেই বিশ্বকাপ ট্রফি হাতত লৈ নামি আহে মেছি আৰু দলৰ কোচ স্কালোনি । তাৰ পাছত বাকী ফুটবলাৰসকল নামে ।

কেতিয়া আর্জেন্টিনাৰ বিমান বুয়েনছ আইৰেছত অৱতৰণ কৰিব তাৰ প্ৰতিয়ে লক্ষ্য আছিল সেই দেশৰ জনসাধাৰণৰ । স্থানীয় এক সংবাদপত্র‌ই জনাইছে, এক লাখ ৭৬ হেজাৰ লোকে এপৰ জৰিয়তে বিমানৰ অৱতৰণত দৃষ্টি ৰাখিছিল ।

বিমানবন্দৰতেই অপেক্ষা কৰিছিল বিশেষ বাছ । বাছখনত লিখা আছিল ‘বিশ্বচেম্পিয়ন’ । সেই বাছেৰেই বিমানবন্দৰৰ পৰা ওলাই যায় মেছিৰ দল ।

আর্জেন্টিনাত উপস্থিত হৈ মেছিৰ দলে কেনেদৰে উৎসৱ পালন কৰিব সেয়া আগৰ পৰাই নিৰ্ধাৰণ কৰি ৰাখিছিল সেই দেশৰ ফুটবল সংস্থাই ।

আর্জেন্টিনাৰ ফুটবল সংস্থাই টুইট কৰি জনাইছে, “মঙলবাৰে বুয়েনছ আইৰেছৰ অ’বেলিস্কত গৈ উৎসৱ পালন কৰিব বিশ্বকাপজয়ী ফুটবল দলে । তাত উপস্থিত থাকিব সমর্থকসকলো ।”

অৱশ্যে বিমানতেই উৎসৱ আৰম্ভ কৰিছিল আর্জেন্টিনাৰ ফুটবলাৰসকলে । লাউতাৰো মার্তিনেছৰ ড্রামৰ তালে তালে নাচে মেছিৰ দলে । লগতে গীত গোৱা দেখা যায় এনজো ফের্নান্দেছক ।

এই ছবি সমাজিক মাধ্যমত ভাইৰেল হৈছে । আন এটা ছবিত দেখা গৈছে, গাত আর্জেন্টিনাথ পতাকা লৈ, আকাশী ছানগ্লাছ পিন্ধি, ডিঙিত বিশ্বকাপৰ পদক লৈ বহি আছে মেছিৰ দল ।

দেওবাৰে ফ্রান্সক পৰাজিত কৰি বিশ্বকাপ জিকিছে আর্জেন্টিনাই । প্রথমার্ধত দুই-শূন্য গ’লত আগবাঢ়ি আছিল আৰ্জেণ্টিনা ।

পেনাল্টিৰ পৰা গ’ল কৰিছিল আর্জেন্টিনাৰ অধিনায়কে । ব্যৱধান বঢ়ায় খাৰগাঁঠি দি মাৰি । সেই দুটি গ’লৰেই দ্বিতীয়ার্ধত প্ৰত্যুত্তৰ দিয়ে ফান্সৰ কিলিয়ান এমবাপেয়ে ।

অতিৰিক্ত সময়ত দুটা দলেই এটাকৈ গ’ল কৰে । মেছি আৰু এমবাপেৰ গ’লৰ সংখ্যা বৃদ্ধি পায় । খেল আৰম্ভ হয় টাইব্রেকাৰেৰে । তাত চাৰি-দুই ব্যৱধানত ফাইনেল জয় কৰে মেছিৰ দলে ।

বিশ্বকাপ জয় কৰাৰ স্বপ্ন পূৰণ হৈছে মেছিৰ । ক্লাৱ ফুটবলত প্রায় সকলো ট্রফি জিকিলেও দেশৰ জাৰ্ছিত বিশ্বকাপ আধৰুৱা আছিল তেওঁৰ ।

এইবাৰেই নিজৰ শেষ বিশ্বকাপ খেলিছিল লিঅ’ই । লগতে প্রতিযোগিতাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা সোণৰ বলো লাভ কৰিছে মেছিয়ে ।

Exit mobile version