Google : চিকিৎসকে হাতেৰে লিখি দিয়া প্ৰেছক্ৰিপশ্বন পঢ়াত অসুবিধা ? গুগলে আনিলে সমস্যাৰ সমাধান

WhatsApp Image 2022 12 20 at 19.31.38

Google :

অসুস্থ অনুভৱ কৰিলে আমাৰ সকলোৰে একমাত্ৰ ভৰসাৰ ঠাই হয় চিকিৎসালয় । কিন্তু প্ৰেছক্ৰিপশ্বনত লিখা ঔষধৰ নাম পঢ়াটোৱে হৈ পৰে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান ।

কেতিয়াবা আকৌ দোকানৰ কৰ্মচাৰীসকলেই প্ৰেছক্ৰিপশ্বনখনত লিখা নাম পঢ়িবলৈ অসুবিধা পাই ।

এতিয়া আৰু সমস্যা নাই । এই চিৰকালীন সমস্যাৰ সমাধান লৈ আহিছে গুগলে । সোমবাৰে ভাৰতত ‘গুগল ফৰ ইণ্ডিয়া’ নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তাতেই গুগলে তেওঁলোকৰ নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰে ।

আলোচনাত জনোৱা হৈছে যে গুগল আৰ্টিফিছিয়েল ইণ্টেলিজেন্স (এআই) আৰু মেচিন লাৰ্নিং পদ্ধতিৰ জৰিয়তে এখন নতুন প্ৰযুক্তি অনা হ’ব।

চিকিৎসকসকলে হাতে লিখা প্ৰেছক্ৰিপশ্বনৰ ফটো গুগল লেন্সৰ জৰিয়তে তুলিব লাগিব। ছবিখন তোলাৰ পাছত, গুগলে প্ৰেছক্ৰিপশ্বনত লিখা সকলো ঔষধৰ নাম শব্দৰ ৰূপত ক’ব।

অথবা যদি প্ৰেছক্ৰিপশ্বনৰ ফটোখন ইতিমধ্যে ফোনত আছে তেতিয়াহ’লে তাৰ পৰা গুগল লেন্সতো আপলোড কৰিব পাৰি।

গুগলৰ মতে, এই প্ৰযুক্তিৰ ওপৰত এতিয়াও গৱেষণা চলি আছে। ‘গৱেষণা প্ৰটোটাইপ’- ও তৈয়াৰ কৰা হৈছে। গৱেষণা ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে গতিকে এই প্ৰযুক্তি এতিয়াও জনসাধাৰণৰ বাবে কাৰ্যকৰী হোৱা নাই। গুগলৰ বিষয়াসকলে অনুমান কৰে যে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ ফলপ্ৰসূ হ’ব।

Exit mobile version