Horoscope :
মেষ: যোগাযোগত ভালেই দেখা যায়। বিদ্যাত সাধাৰণ আহুকাল আহিব ঘৰুৱা কথাত পূৰ্বৰ তুলনাত উন্নত ফল। বন্ধুৰ পৰা খুব উপকৃত নহ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।
বৃষ : বেপাৰ বাণিজ্যত থকা সকলে কিছু সুযোগ পাব। প্রিয় সংগ, আর্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা যায়। মনত সমালোচনা ভালে দেখা দিব। শুভ ৰং সোণালী। শুভ সংখ্যা ২।
মিথুন : কিবাকিবি সংযোগত মজলীয়া ফল। অৱশ্যে পূৰ্বৰ তুলনাত মানসিক দিশত উন্নত। কর্মস্থানত কিছু জটিলতা কমিব। বিদ্যার্থীয়ে যত্ন লোৱাটো ভাল হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
কর্কট: কার্যক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব। ভবা মতে দুই এটা কামত আগুৱাব। বন্ধু-বান্ধৱ লগত সম্বন্ধ অটুট থাকিব। বিদ্যাত প্রায় অনুকূল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
সিংহ : আর্থিকত বিশেষ আহুকাল নাথাব। প্ৰাপ্য ধন পোৱাৰ সংকেত আছে। বিদ্যানুৰাগীৰ উন্নতি। পৰিৱৰ্তন শীল কর্মযোগ দেখা যায়। শুভ ৰং বগা। শুভ সংখ্যা ৬।
কন্যা : সাধাৰণ পৰিৱৰ্তন। শৰীৰো কিছু উন্নতি। বিদ্যাত মজলীয়া ফল কৰ্মস্থানত ভালেই দেখা যায়। আকস্মিক আমন্ত্ৰণ ৰক্ষাৰ দৰকাৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
তুলা : কৰ্মস্থানত শুভাশুভ প্ৰভাৱ দেখা যায়। নতুন কামত মন দিব পাৰিব। সামগ্রিক ক্ষেত্ৰত বৃদ্ধিৰ প্ৰসাৰ লাভ। পূৰ্বতকৈ সামান্য অনুকূল। শুভ ৰং কমলা। শুভ সংখ্যা ৪।
বৃশ্চিক : শৰীৰ বৰ ভাল লাগি নাথাকিব। আৰ্থিকত কঠিনতাৰ মাজে চলিব লাগিব। কর্মত বাধা দেখিব। প্রিয় লোকৰ স’তে আলাপ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
ধনু : কর্মক্ষেত্ৰত বিশেষ কাৰণত কোনোৱে উপৰুৱা ব্যস্ততাত ভুগিব। আনহাতে, দিনটো পৰিষ্কাৰ থাকিব। শৰীৰ ভালেৰে যাব। বিদ্যাত বেয়া দেখা নাযায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।
মকৰ : মধ্যম দিন। হিচাপ নোহোৱা ব্যস্ততাৰে সময় ব্যয় হ’ব। কৰ্মত বাধা কম যদিও নিশ্চিন্ত নহয়। কৰ্তব্যত মনোযোগ ৰাখক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।
কুম্ভ : আপুনি কিছু আশা দেখিব। শৰীৰেও আপোনাক কিছু সহায় কৰিব। ঘৰুৱাত মধ্যম প্ৰভাৱ। আৰ্থিকত বাধা দেখা নাযায়। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।
মীন: প্ৰথমতে দিনটো খুব ভালেৰে যোৱাটো কঠিন হ’ব। এটা নহয় এটা আহুকাল থাকিব। অৱশ্যে গতানুগতিক কামত সিমান দুশ্চিন্তা নাথাকিব। ভ্ৰমণত মধ্যম ফল। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৪।