Bank Defaulters : ৯২০০০ কোটি টকা !

সংসদত ৫০ ঋণীৰ অনাদায়ী ক্ষতিয়াণ প্ৰকাশ কেন্দ্রৰ, শীর্ষত মেহুল ছোক্সী

WhatsApp Image 2022 12 21 at 20.20.42

Bank Defaulters :

বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰাকৈ কোনোৱে বিদেশত পলায়ন কৰিছে । কোনোৱে আকৌ দেশত থাকিও ঋণৰ টকা পৰিশোধ কৰা নাই । ইয়াৰ বিপৰীতে  নতুনকৈ তেওঁলোকৰ মালিকানাধীন সংস্থাৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে ।

বুধবাৰে সংসদত প্রথম ৫০টা স্বেচ্ছাসেৱী ঋণী ভাৰতীয় সংস্থাৰ তালিকা প্রকাশ কৰিলে কেন্দ্র‌ই । এই ৫০টা ঋণী সংস্থাৰ পৰা দেশৰ সকলো বেংক মিলাই মুঠ ৯২ হেজাৰ ৫৭০ কোটি টকা অনাদায়ী হৈ আছে ।

লোকসভাত এটা প্রশ্নৰ উত্তৰত কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রী ভাগৱত কৰাডে যি লিখিত পৰিসংখ্যা প্ৰকাশ কৰিছে তাত জনোৱা হৈছে, ঋণীৰ তালিকাৰ শীর্ষত আছে ভাৰত ত্যাগ কৰি ব্রিটেইনত বাস কৰা ধৃত মেহুল ছোক্সীৰ সংস্থা গীতাঞ্জলি জেম্‌ছ ।

এই সংস্থাৰ পৰা বেংকবোৰে মুঠ ৭,৮৪৮ কোটি টকা পৰিশোধ কৰিবলৈ আছে । তালিকাৰ পাছৰ দুটা স্থানত আছে এৰা ইনফ্রা (৫,৮৭৯ কোটি) আৰু সন্দীপ আৰু সঞ্জয় ঝুনঝুনৱালাৰ সংস্থা ৰেইগো এগ্রো (৪,৮০৩ কোটি) ।

ৰিজার্ভ বেংকে দিয়া তথ্য প্রকাশ কৰি মন্ত্রীয়ে জনাইছে, ঋণীৰ তালিকাত আছে কনকাষ্ট ষ্টিল এণ্ড পাৱাৰ (৪,৫৯৬ কোটি), এবিজি ছিপইয়ার্ড (৩,৭০৮ কোটি), যতীন মেহতাৰ উইনছাম ডায়মণ্ডছ এণ্ড জুৱেলাৰী (২,৯৩১ কোটি), ৰোটোমেক গ্ল’বেল (২,৮৯৩ কোটি)-ৰ দৰে বিভিন্ন সংস্থা ।

২০২২ৰ ৩১ মার্চ পর্যন্ত পোৱা তথ্যৰ ভিত্তিতেই এই প্ৰতিবেদন দিছে ৰিজার্ভ বেংকে ।

  শীৰ্ষ আদালতে স্বেচ্ছাসেৱী ঋণীৰ তথ্য প্ৰকাশ্যত অনাৰ নির্দেশ দিয়াৰ প্রায় চাৰি বছৰ পাছত ২০১৯-ৰ অক্টোবৰত প্রথম ৩০টা স্বেচ্ছাসেৱী ঋণী সংস্থাৰ নাম প্রকাশ কৰিছিল ৰিজার্ভ বেংকে

সেই সময়ত বেংকত তেওঁলোকৰ অনাদায়ী ঋণৰ অংক আছিল ৫০ হেজাৰ কোটিতকৈ কিছু বেছি । তিনি বছৰৰ ব্যৱধানত সেয়া প্রায় দুগুণ হৈছে ।

Exit mobile version