China : শয্যাৰ নাটনি চীনৰ হাস্পাতালত, মজিয়াতে চিকিৎসা ৰোগীৰ, ক্লান্ত চিকিৎসক ঢলি পৰিছে টোপনিত

চীনৰ ক'ভিড বিস্ফোৰণৰ ভিডিঅ' ভাইৰেল !

Screenshot 446

China :

পুনৰ ঘূৰি আহিল সেই ভয়ংকৰ দিন ! চীনত বৃদ্ধি পাইছে কৰ’না সংক্রমণ । ৰোগীৰ ঠাই নোহোৱা হৈছে হাস্পাতালত ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে, শয্যা নাপাই অনেকৰ চিকিৎসা হৈছে হাস্পাতালৰ মজিয়াতে । ৰোগী নিৰীক্ষণ কৰি কৰি ক্লান্ত চিকিৎসক বহি বহিয়ে টোপনিত ঢলি পৰিছে মজিয়াত ।

কোনো কোনো সংবাদমাধ্যমে দাবী কৰিছে, চিকিৎসকজনৰ মৃত্যু হৈছে । টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টো চীনৰ বর্তমান কৰ’না-দৃশ্য বুলি দাবী কৰিছে বিভিন্ন আন্তর্জাতিক সংবাদমাধ্যমে । অৱশ্যে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে ।

‘দ্য টেলিগ্রাফ’-ৰ প্রতিবেদন অনুযায়ী, এই ভিডিঅ’টো চংকিং চহৰৰ । ভিডিঅ’ত দেখা গৈছে, হাস্পাতালত বিছনাৰ নাটনি হোৱাৰ বাবে মজিয়াতে চিপিআৰ দিয়া হৈছে ৰোগীসকলক ।

তেওঁলোকক দেখিয়ে বুজিব পৰা গৈছে যে গুৰুতৰ শাৰীৰিক সমস্যাত ভুগিছে । অন্য এটা ভিডিঅ’ত দেখা গৈছে, একেৰাহে কাম কৰি চিকিৎসকসকল ইমানে ক্লান্ত হৈ পৰিছে যে, ৰোগী চাওঁতে চাওঁতেই টোপনি গৈছে তেওঁলোক । এই দৃশ্যবোৰে কৰ’নাৰ প্রথম স্ফীতি ৰোমন্থন কৰাইছে ।

চীনত নতুনকৈ বিয়পি পৰা কৰ’না সংক্রমণে উদ্বেগ বঢ়াইছে বিশ্ববাসীৰ । কৰ’নাবিধিৰ কঠোৰ বিধিনিষেধত ক্ষুব্ধ হৈ পথত প্রতিবাদ কৰিছিল চীনবাসীয়ে ।

কিছুদিন পূৰ্বে তলাবন্ধ প্ৰত্যাহাৰ কৰিছিল প্রশাসনে । মঙলবাৰে চীনত ৩,১০১ জন উপসর্গযুক্ত কৰ’না ৰোগী চিহ্নিত হৈছে । চীনত মুঠ কৰ’না ৰোগীৰ সংখ্যা ৩,৮৬,২৭৬ জন । অৱশ্যে মঙলবাৰে কাৰো মৃত্যু হোৱা নাই বুলি দাবী কৰিছে প্রশাসনে ।

চীনৰ বিশেষজ্ঞসকলৰ শংকা, অনাগত তিনি মাহৰ ভিতৰত দেশৰ ৬০ শতাংশ লোক কৰ’না সংক্রমিত হোৱাৰ সম্ভাৱনা আছে । শীতকালত সংক্রমণ আৰু বাঢ়িব বুলি জনাইছে তেওঁলোকে ।

এনে পৰিস্থিতিত স্বাস্থ্যৰ আন্তঃগাঁথনিত পুনৰ গুৰুত্ব দিবলগীয়া হৈছে চীন চৰকাৰে । প্রতিটো হাস্পাতালত বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে । কিন্তু ৰোগীৰ সংখ্যা ইমানেই বাঢ়িছে যে হাস্পাতালৰ বিছনাত ঠাই হোৱা নাই ৰোগীৰ । মজিয়াতে চিকিৎসা কৰিবলগীয়া হৈছে তেওঁলোকৰ ।

Exit mobile version