Jorhat JB College : যোৰহাটৰ জেবি কলেজৰ ৰেগিং কাণ্ডৰ অভিযুক্তক শাস্তি প্ৰদান

WhatsApp Image 2022 12 21 at 14.45.13

Jorhat JB College :

ৰাজ্য কপোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সমান্তৰালকৈ যোৰহাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল ।

শিক্ষা প্ৰতিষ্ঠানখনৰ ছাত্ৰ আৱাসত সংঘটিত হোৱা ৰেগিং কাণ্ডৰ সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই গঠন কৰা এণ্টি ৰেগিং কমিটীয়ে কৰা তদন্তৰ ভিত্তিত কালি কে’বাজনো শিক্ষাৰ্থীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় ।

বিশেষকৈ শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন আৱাসী অংকুৰ চাওদাঙক আৱাস গৃহত আজীৱন প্ৰৱেশ নিষিদ্ধ কৰাৰ সমান্তৰালকৈ জিন্তু চেত্ৰী , বিশাল ৰংপি , বিক্ৰমাদিত্য বৰা আৰু আকাশজ্যোতি শইকীয়াক আৱাসৰ পৰা বহিষ্কাৰ কৰা হৈছে ।

ইফালে বিক্ৰমাদিত্য বৰাক ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদৰ পৰা অব্যাহতি দিয়াৰ লগতে সুমিত ৰায়কো ছাত্ৰ একতা সভাৰ পৰা খাৰিজ কৰা হয় ।

আনহাতে ঘটনাৰ লগত জড়িত আন তিনিজন ছাত্ৰৰ বিৰুদ্ধে প্ৰমাণিত তথ্য পোৱা নগ’ল যদিও তেওঁলোককো মহাবিদ্যালয় তদন্ত কমিটীৰ তৰফৰ পৰা ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ লগত জড়িত নাথাকিবলৈ সতৰ্ক জাৰি কৰা হয় ।

উল্লেখ্য যে , মহাবিদ্যালয়খনৰ ছাত্ৰ আৱাসত সংঘটিত হোৱা ৰেগিঙৰ ওপৰত ভুক্তভোগী ছাত্ৰই মুঠ ১২ জনকৈ ছাত্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

Exit mobile version