Boko : ভূমিৰ গৰাকী হৈও হাজিৰা কৰিছে আৰু বেদখলকাৰীয়ে খেতিৰে কটাইছে স্বচ্ছল জীৱন

IMG 20221218 WA0041

Boko :

‘আমাৰ মাটি আমাক ঘূৰাই দিয়ক’, ‘বেদখলকাৰীক উচ্ছেদ কৰক’, ‘দালালগিৰি বন্ধ কৰক’, ‘দালালৰ স’তে প্ৰশাসনৰ মিতিৰালি বন্ধ কৰক’ আদি শ্ল’গানেৰে ক্ষোভ প্ৰকাশ কৰিলে একাংশ স্থানীয় লোকে।

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ বিটুটাৰী ৰাজহ গাঁৱত বুধবাৰে একাংশ লোকে নিজ নিজ ভূমি আৱণ্টন বিচাৰি চৰকাৰক সকীয়াই দিয়ে।

এসময়ৰ বিটুটাৰী ৰাজহ গাঁৱৰ বাসিন্দা বৰ্তমান ছয়গাঁৱৰ কাৱৈমাৰীত বসবাস কৰি থকা লক্ষী দাসে (৫৬) দুখ প্ৰকাশ কৰি কয় যে পলাশবাৰী সমষ্টিৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ অধীনৰ নিজৰ নিজৰ ম্যাদী ভূমি ওভতাই পাবলৈকে একাংশ লোকে এইদৰে প্রতিবাদ সাৱ্যস্ত কৰিবলগীয়া হ’ল।

১৯৮০৩ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছিল পঞ্চায়তটোৰ ভেৰভেৰি, বনিয়াপাৰা, বিটুটাৰী, কান্দুলিমাৰী, জাৰাপাৰা, পানীখাইতী, বাঘৰদিয়া ৰাজহ গাঁওকেইখন।

ইয়াৰ ভিতৰত ভেৰভেৰি, বনিয়াপাৰা, বিটুটাৰী, কান্দুলিমাৰী ৰাজহ গাঁও চাৰিখনৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত ২০১৫ৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আছে বুলি অভিযোগ কৰে লক্ষী দাসে।

তেওঁলোকে কয় যে দালালৰূপী চহৰ আলী, খৈয়বৰ আলী, প্রাণেশ্বৰ কলিতা আদি কে’বাজনো ধুৰন্ধৰ লোকৰ নেতৃত্বত খিলঞ্জীয়াৰ ভূমিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰি বসবাস কৰি আছে।

একেদৰে খহনীয়া ৰাজহ গাঁৱৰ অঞ্চলত গাঁওবুঢ়াৰ দায়িত্বপ্রাপ্ত হজৰত আলী (৭০)য়ে কয় যে ১৯৮০ত ব্ৰহ্মপুত্ৰৰ বুকুত আপোন ঘৰ-বাৰী হেৰুৱাই স্থানীয় খিলঞ্জীয়া পট্টাধাৰী লোকসকল স্থানান্তৰিত হৈ ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানা আৰু ছয়গাঁও আৰক্ষী থানাৰ অধীনৰ বিভিন্ন প্রান্তত বসবাস কৰিবলগীয়া হৈছিল।

একাংশই চৰকাৰী আৱণ্টন পোৱা ভূমিত আৰু আন একাংশই নিজাববীয়াকৈ বসবাস কৰিবলৈ বাধ্য হৈছিল। ‘প্রায় ৫০ বিঘা ভূমি প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে হেৰুৱাইছিল মহাবাহুৰ বুকুত। ২০১০-১১ত ব্ৰহ্মপুত্ৰৰ বুকু পুনৰ চৰপৰাত স্থানীয় খিলঞ্জীয়া লোকসকলে নিজৰ নিজৰ পট্টাৰ ভূমি আৱণ্টন পোৱাৰ বাবে ৰাজহ চক্ৰ বিষয়া, জিলা উপায়ুক্তৰ কাষ চাপি আহিছে।’ এইদৰে কয় গাঁওবুঢ়া আলীয়ে৷

তেওঁলোকে অভিযোগ কৰে যে সেই সময়ৰ চক্ৰ বিষয়া সুস্বপ্না কাকতি, জিলা উপায়ুক্ত বিনোদ ছেছনে মাটি জোখ-মাখ কৰে যদিও প্রকৃত পট্টাদাৰসকলে আজিলৈ নিজৰ ভূমি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷আনকি বৰ্তমানলৈকে ৮০ শতাংশ লোকে বেদখলকাৰীৰ কবলত থকা ভূমিৰ খাজনা দি আছে বুলিও গাঁওবুঢ়াজনে ব্যক্ত কৰে।

দেশৰ স্বাধীনতা আন্দোলনৰ আগৰ পৰাই ককা, আজো ককাৰ দিনৰ বংশধৰ ক্ৰমে বনিয়াপাৰা ৰাজহ গাঁৱৰ মছলিম আলী (৪৭), তমিজ আলী (৫৫), বিটুটাৰীৰ পদ্মৰাগ দাস (৭০), বনিয়াপাৰাৰ তমিজ আলী (৫৫), যতীন পাঠক (৬০), বিটুটাৰীৰ নিৰেন দাসে (৬৮) কয় যে মহাবাহুৰ বুকুত নিজৰ নিজৰ ঘৰ-বাৰী, খেতিমাটি হেৰুওৱাৰ ফলত ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানাৰ অধীনৰ ছাটাবাৰীত ৰাজ্য চৰকাৰে ভূমি আৱণ্টন দিছিল৷

একেদৰে জামবাৰীৰ মিলনপুৰ গাঁৱত চৰকাৰে ১৯৮১ত ৰাজ্য চৰকাৰে ৭৪টা পৰিয়ালক ভূমি আৱণ্টন দিছিল। আন একাংশই ছয়গাঁও থানাৰ অন্তৰ্গত কান্দুলিমাৰীৰ সমীপৰ পানীখাইতীত বসবাস কৰি আছে।

একেদৰে আলুখুন্দা, মাকেলী, বিহদিয়া, চৌধুৰীঘাট, ভেৰভেৰীত সিঁচৰতি হৈ আছে বহু জন। কোনোৱে আনকি পলাশবাৰী সমষ্টিৰ বঙৰা, ৰাণী মাটিয়া পাহাৰ, মির্জা, বিজয়নগৰ, সৰপাৰা, হালিগাঁওকে আদি কৰি বিভিন্ন অঞ্চলত বসবাস কৰি আছে।

টকাৰ বিনিময়ত একাংশ খিলঞ্জীয়া দালালৰূপী লোকেও সন্দেহযুক্ত নাগৰিকসকলক ভূমি বেদখল কৰি থকাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে বুলি ক্ষোভিত প্রতিবাদকাৰীসকলে কয়।

‘বিঘাই বিঘাই ভূমি থকাৰ পাছতো আজিৰ অৱস্থাত খিলঞ্জীয়াসকলৰ একাংশই হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আনহাতে, অবৈধ সন্দেহযুক্ত নাগৰিকসকলে খেতি কৰি স্বচ্ছল জীৱন অতিবাহিত কৰি আছে।’

এই ভাষ্য ক্ষুব্ধ লোকসকলৰ। ৰাজহ আদায় দিয়া ম্যাদী মাটিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰি অহা কার্যত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈছে স্থানীয় লোকসকল।

Exit mobile version