Independent Entrepreneurship :  পানী মেটেকাৰ টুপী- বেগ, মণি, ফুলি, আচাৰ প্ৰস্তুতিৰে জীৱনৰ ৰঙ সলনি কৰিছে ভেৰগাঁৱৰ মহিলাই

IMG 20221220 123952 scaled

Independent Entrepreneurship :

সাম্প্রতিক সময়ত মহিলা সৱলীকৰণ বিষয়টো অতি প্ৰাসংগিক যদিও বাস্তৱত ইয়াৰ এখন বিপৰীত ছবি দেখা পৰিলক্ষিত হয় যদিও ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰৰ নিকটৱৰ্তী কেবাখনো গাঁৱৰ ৩৩৪ গৰাকী মহিলাই ভেৰগাঁও বন ধন বিকাশ কেন্দ্ৰ ক্লাছটাৰ নামৰ অনুষ্ঠানতোৰ মজিয়াত একত্ৰিত হৈ স্বাৱলম্বীতাৰে মহিলা সৱলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব সক্ষম হৈছে।

ভাৰত চৰকাৰৰ অধীনস্থ ” ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্ট্ৰেপ্ৰেনুষিপ ” চমুকৈ আই আই ই সহযোগত আৰু অসম চৰকাৰৰ অধীনস্থ ” অসম প্লেইন ট্ৰাইবছ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড ” লগতে ” ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইবছ এণ্ড বেকৱাৰ্ডেড ক্লাছেছ” ৰ প্ৰেৰণাত ভেৰগাঁও আৰক্ষী চকীৰ সমীপৰ এটি পৰিত্যক্ত জৰাজীৰ্ণ ঘৰতে বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ ৩৩৪ গৰাকী মহিলা একত্ৰিত হৈ ৩০ টা গোটত বিভক্ত হৈ আই আই ইৰ পৰা লাভ কৰা প্ৰথম আঢ়ৈ লাখ টকাৰে প্লাষ্টিকৰ ৰঙীন বেগ, পানী মেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ টুপী, সামগ্ৰী কঢ়িওৱা বিভিন্ন ধৰণৰ বেগ, মণিৰে প্ৰস্তুত কৰা ডিঙিৰ মালা আৰু কানফুলি , বিভিন্ন প্ৰকাৰৰ আচাৰ, মম ইত্যাদি প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰশিক্ষণ কালত প্ৰস্তুত হোৱা উক্ত সামগ্ৰীসমূহ স্থানীয় বিভিন্ন মেলা বা অন্যান্য সভা সমিতিৰ অনুষ্ঠানৰ লগতে প্ৰদৰ্শনীৰ বিপনিত বিক্ৰী কৰি নিজকে মহিলাসকলে আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে।

বিগত বৰ্ষত পাহেশ্বৰী ৰাভাক সভানেত্রী আৰু কৰবী বসুমতাৰীক সম্পাদিকা হিচাবে লৈ ১৬ জনীয়া ভেৰগাঁও বন ধন বিকাশ কেন্দ্ৰ ক্লাছটাৰৰ বৰ্ড অফ ডাইৰেক্টৰেটৰ অধীনত তেওঁলোকৰ ৩৩৪ গৰাকী মহিলাৰ পৰা প্ৰতিমাহে ৩০ গৰাকীকৈ মহিলাক উক্ত সামগ্ৰী প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়।

বৰ্তমান পাপৰ আৰু কেক বনাবলৈ নতুনকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বুলি বৰ্ড অফ ডাইৰেক্টৰেটৰ সভানেত্রী আৰু সম্পাদিকাই জনায়

আনহাতে আচাৰ বনাবলৈ জলফাই, ঔটেঙা , অমৰা আদি গাঁও অঞ্চলৰ পৰা কিনি অনাৰ ফলত উক্ত কেঁচা সামগ্ৰী বিক্ৰী কৰি অন্যান্য মহিলাসকলো আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে।

উল্লেখযোগ্য যে, একাংশ মহিলাই পানী মেটেকাৰ ঠাৰি শুকাই কেন্দ্ৰক বিক্ৰী কৰিও অৰ্থ উপাৰ্জনৰ পথ মোকলাইছে। সাধাৰণতে আমি ভবা অপ্ৰয়োজনীয় পানী মেটেকাৰ পৰা উক্ত কেন্দ্ৰত প্ৰস্তুত কৰা সামগ্ৰী সমূহে বজাৰত বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

জিলাখনৰ ভেৰগাঁও মহকুমা সদৰত এই সকল মহিলাই নিজকে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰি অন্যান্য মহিলাৰ বাবে আদৰ্শ হিচাপে বিবেচিত হৈছে। প্ৰকৃতাৰ্থত ভেৰগাঁও বন ধন বিকাশ কেন্দ্ৰ ক্লাছটাৰ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত মাইল খুটিত পৰিণত হৈছে।

Exit mobile version