Health Benefits Of Ginger : আদা চৰ্দি-কাহৰ লগতে আৰু কি অসুখৰ কাৰণে লাগে ? জানিবলৈ পঢ়ক –

what is ginger 1807768 hero 02 c589bfc0fe5044d29cb930e74d1b6db9

Health Benefits Of Ginger :

ৰন্ধাৰ এক অপৰিহাৰ্য অংগ হৈছে আদা । আদাই যিকোনো খাদ্যৰ স্বাদ বা গোন্ধ অতুলনীয় কৰি তোলাৰ লগতে ইয়াৰ আছে স্বাস্থ্যসন্মত গুণ ।

চৰ্দি-কাহৰ পৰা আৰম্ভ কৰি আদাই বহু ৰোগ নিৰাময় কৰাতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে । ডিঙিৰ যিকোনো ৰোগৰ লগতে কাহৰ সমস্যা আহিলে এটুকুৰা আদা মুখত লৈ থাকিলে কোনোধৰণৰ কফ চিৰাপ নেখালেও হয় ।

সমান্তৰালকৈ আদাই আমাৰ শৰীৰৰ বহু ৰোগ নিৰাময় কৰে । সেইয়েহে আজি আমি আদাৰ কেইটামান স্বাস্থ্যসন্মত গুণৰ কথা পঢ়ুৱৈসকলক অৱগত কৰিম ।

১/ বদহজম দূৰ কৰে : পেটৰ গেছ অথবা এচিডিটিৰ সমস্যা হ’লে আদাই ঔষধৰ কাম কৰে । সেইয়েহে নিয়মিত আদা খালে কোনোকাৰণতে গেছৰ সমস্যাৰ সৃষ্টি হ’ব নোৱাৰে ।

২/ গাঁঠিৰ বিষ : বহিলে উঠিব নোৱাৰা বা উঠিলে বহিব নোৱাৰা , এইধৰণৰ সমস্যা আজিকালি প্ৰায় মানুহৰ ঘৰতে থাকে । আৰ্থাৰাইটিছৰ সমস্যাত আজিকালি বহু লোক ভোগা দেখা যায় । এইক্ষেত্ৰত চিকিৎসকে এই ৰোগ নিয়ন্ত্ৰণ কৰাত আদাই প্ৰচুৰ সহায় কৰে বুলি উল্লেখ কৰিছে । অৰ্থাৎ ধাৰাবাহিকভাৱে আদা খালে আৰ্থাৰাইটিছ হোৱা আশংকা হ্ৰাস পায় ।

৩/ চৰ্দি-কাহ : ঠাণ্ডা লগা বা চৰ্দি-কাহৰ সমস্যাত আদাই উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে । আদাই চৰ্দি আৰু কাহৰ সমস্যা দ্ৰুতগতিত সমাধান কৰিব পাৰে । সাধাৰণতে চৰ্দি-কাহ হ’লে আদাৰ ৰসৰ লগত মৌৰ ৰস আৰু তুলসীৰ ৰস মিহলাই খালে দ্ৰুত আৰোগ্য লাভ কৰিব পাৰি ।

বি: দ্ৰ: উক্ত প্ৰতিবেদনটো প্ৰাকৃতিকভাৱে কৰা চিকিৎসাৰ ওপৰত আধাৰিত । দীৰ্ঘদিনীয়া বা জটিল ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত বাঞ্চণীয় ।

Exit mobile version