Lionel Messi : খেলপথাৰত মেছিয়ে জোৰকৈ সাৱটি ধৰা মহিলাগৰাকী মেছিৰ মাতৃ আছিল নেকি ?

Screenshot 2022 12 19 024214 aHu8OgFjV

Lionel Messi :

১৮ ডিচেম্বৰত কাটাৰৰ লুচাইল আইকনিক ষ্টেডিয়ামত ট্ৰাইব্ৰেকাৰত ফ্ৰান্সক হৰুৱাই আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰা সেই বিৰল মুহূৰ্তত হঠাৎ আৰ্জেণ্টিনাৰ জাৰ্চি পৰিহিত এগৰাকী মহিলা খেলপথাৰলৈ সোমাই আহি মেছিৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

মহিলাগৰাকীয়ে পাছফালৰ পৰা মেছিৰ পিঠিত হাত দিয়াৰ লগে লগে বিশ্বখ্যাত ফুটবলাৰজনে মহিলাগৰাকীক জোৰকৈ সাৱটি ধৰিছিল । যিটো ভিডিঅ’ ক্ষন্তেকতে ভাইৰেল হৈ পৰা দেখা গৈছিল ।

ভিডিঅ’টো প্ৰত্যক্ষ কৰি বহুতে কৈছিল, সেয়া মেছিৰ মাতৃ আছিল । সম্পূৰ্ণ আৱেগত সাৱটি ধৰা দৃশ্যটো দেখি প্ৰকৃততে মাতৃ-পুত্ৰৰ এক আন্তৰিক সময়ৰ বিৰল মুহূৰ্ত যেনেই লাগিছিল ।

কিন্তু প্ৰকৃতাৰ্থত সকলোৱে ভবাৰ দৰে সেই মহিলাগৰাকী মেছিৰ মাতৃ নাছিল । তেওঁ আছিল মেছিৰ ৰান্ধনী । উল্লেখ্য যে , মেছি য’লৈকে গৈছিল মহিলাগৰাকীকো লগত লৈ যায় । বৰ্তমান আৰ্জেণ্টিনা দলৰ হৈ কাম কৰি আছে মেছিৰ মাতৃসদৃশ মহিলাগৰাকীয়ে ।

মাতৃৰ চৰম মমতাভৰা এই দৃশ্য আছিল, আৰ্জেণ্টিনাই জয় লাভ কৰাৰ এই বিৰল মুহূৰ্তৰ অনন্য এক সাক্ষী । যি দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছিল ।

ইফালে বিশ্বৰ বহুকেইটা নামি-দামী মিডিয়াই প্ৰকাশ কৰিছিল যে, সেইয়া মেছিৰ মাতৃ আছিল । কোনো কোনো আক’ কৈছিল তেওঁ মেছিৰ মাতৃ নহয় । দৰাচলতে সকলোৱে ভবাৰ বিপৰীতে তেওঁ আছিল আৰ্জেণ্টিনা দলৰ সুদক্ষ ৰান্ধনী ।

প্ৰায় এক যুগতকৈ বেছি সময়ধৰি মেছিৰ ৰান্ধনী হিচাপে দায়িত্ব পালন কৰি আহিছে তেওঁ । আনকি কোপা আমেৰিকা কাপ জয়ৰ সময়তো তেওঁ দলটোৰ হৈ মূল ৰান্ধনী হিচাপে কাম কৰি আছিল ।

ৰন্ধাৰ অসাধাৰণ গুণৰ কাৰণে আৰ্জেণ্টিনা ফুটবল দলৰ সকলোৰে খুব প্ৰিয় এই মহিলাগৰাকী । সমান্তৰালকৈ তেওঁ দলটোৰ কাৰোবাৰ জন্মদিন উপলক্ষে বিভিন্ন ধৰণৰ কেক বনোৱাতো পাৰদৰ্শী ।

অত্যন্ত হাঁহিমুখীয়া এই মহিলাগৰাকীৰ এনে গুণৰ বাবেই মেছিৰ খুবেই প্ৰিয় হৈ পৰিছিল । আনকি বিশ্বকাপ জয়ৰ পাছত মেছিয়ে যেতিয়া পৰিয়ালৰ লগত আনন্দৰ দিন উদযাপন কৰিছিল, সেই সময়তো তেওঁ পৰিয়ালৰ সদস্যৰ দৰে মেছিৰ লগতে আছিল ।

সুদীৰ্ঘ ৩৬ বছৰৰ পাছত আৰ্জেণ্টিনাই কান্ধত তুলি লৈছিল বিশ্বকাপ । ১৯৮৬ চনৰ ডিয়েগো মাৰাডোনাৰ সেই আইকনিক ছবিৰ পুনৰাবৃতি ঘটে ২০২২ চনৰ কাটাৰ বিশ্বকাপত ।

Exit mobile version