Weight Loss : ওজন হ্ৰাস কৰিবলৈ অ’টছ খায়, কি উপায়েৰে খালে দ্ৰুত কমিব মেদ জানেনে ?

Fruit and Nut Oatmeal HD 1 HD1280

Weight Loss :

ক্ষীণ হোৱাৰ অসংখ্য উপায় আছে । কোনোৱে ডায়েট কৰি ক্ষীণাব বিচাৰে, কোনোৱে আকৌ শৰীৰচর্চা কৰি । কিন্তু পুষ্টিবিদসকলে কয়, ক্ষীণ হ’বলৈ ডায়েট আৰু শৰীৰচর্চা, দুয়োটাই প্রয়োজন ।

অৱশ্যে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ কোনৌ বিকল্প নাই । ডায়েট কৰিলেই নহয়, দৈনন্দিন ডায়েটত কি ৰাখিছে, সেইটোও প্ৰয়োজনীয় ।

দ্রুত মেদ হ্ৰাস পোৱা খাদ্যৰ তালিকাত আছে অ’টছ । ক্ষীণ হ’বলৈ অনেকৰেই প্রথম পছন্দ এই খাদ্য ।

অটছ নিঃসন্দেহে স্বাস্থ্যকথ খাদ্য । ক্ষীণাবলৈ চকু বন্ধ কৰি ভৰসা কৰিব পাৰে ইয়াৰ ওপৰত ।

অৱশ্যে অ’টছ খোৱাৰো কিন্তু এটা নিয়ম আছে । অনেকেই এই বিষয়ত অৱগত নহয় ।

অ’টছ খালেই যে নিশ্চিন্ত, হৈ যাব এনে নহয় । সঠিক উপায়ে অ’টছ নাখালে ক্ষীণোৱাৰ ইচ্ছা পূৰণ নহ’বও পাৰে ।

কেনেদৰে অ’টছ খালে উপকাৰ পাব ?

১) অনেকেই অ’টছ হজম কৰিব নোৱাৰে । গোটেই নিশা তিয়াই ৰাখিলে অ’টছত উপলব্ধ থকা ষ্টার্চ জাতীয় পদার্থ ভাঙি যায় আৰু প্রাকৃতিক ফাইটিক এচিডৰ মাত্রা কমে । ফলত শৰীৰত অ’টছৰ পুষ্টিগুণ অধিক পৰিমাণে শোষিত হয় । ৰন্ধা অ’টছৰ তুলনাত তিয়াই ৰখা অ’টছ খালে হজম কৰাত সুবিধা হয় ।

২) শর্কৰাযুক্ত সকলো খাদ্যতেই ‘ৰেজিষ্টেন্ট ষ্টার্চ’ পোৱা যায় । কিন্তু ৰন্ধা খাদ্যৰ পৰিৱর্তে ঠাণ্ডা ষ্টার্চযুক্ত খাদ্যত ই ভৰপুৰ মাত্রাত থাকে । ‘ৰেজিষ্টেন্ট ষ্টার্চ’ হ’ল এক প্রকাৰ প্রাকৃতিক কার্ব’হাইড্রেট, যিয়ে হজমশক্তি বৃদ্ধি কৰাচ সহায় কৰে, ওজনো কমায় । সেয়ে না অ’টছ তিয়াই ৰখি পাছদিনা পুৱা খালে ওজন কমাৰ প্রক্রিয়া তৰান্বিত হ’ব ।

৩) পুৱা উঠি ৰান্ধিবলৈ সময় নাথাকে সকলো সময়তে । সেই বুলি পুৱা নোখোৱাকৈতো থাকিব নোৱাৰে ! পুৱা ৰন্ধা-বঢ়া কৰিবলৈ ইচ্ছা নকৰিলে তিয়াই ৰাখক অ’টছ । তাৰ পৰাই বনাব পাৰে সুস্বাদু পদ । আপেল, কল, আম বা বিভিন্ন ধৰণৰ বাদাম দি বনাওক প্ৰাতঃআহাৰ । স্বাদ বঢ়াবলৈ মৌ ব্যৱহাৰ কৰিব পাৰে । এই উপকৰণবোৰ একেলগে মিহলি কৰি বনাব পাৰে অ’টছ স্মুদিও ।

Exit mobile version