China Covid-19 Alart : চীনত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ

এদিনতে কৰ'ণা আক্ৰান্ত ৩ কোটি ৭০ লাখ

WhatsApp Image 2022 12 24 at 16.57.38

China Covid-19 Alart :

চুবুৰীয়া দেশ চীনত কৰ’ণাই লৈছে ভয়াৱহ সংহাৰী ৰূপ ৷ চলিত সপ্তাহৰ এটা দিনতে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৩ কোটি ৭০ লাখলৈ ।
শেহতীয়াকৈ কৰ’ণা লহৰৰ ভয়াৱহ সংক্ৰমণত চিন্তিত হৈ পৰিছে চীনৰ স্বাস্থ্য মন্ত্ৰণালয় ৷ দেশখনক ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ বৈঠকে উল্লেখ কৰা তথ্য অনুসৰি চলিত মাহৰ প্ৰথম বিশটা দিনত বিশ্বৰ বৃহৎ জনবহুল দেশ খনৰ ১৮ শতাংশ লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷ অৰ্থাৎ ২৮ কোটিৰো অধিক ৷

দ্ৰুতগতিত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটোৱে সমাগত জানুৱাৰী মাহত অতি ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে বেইজিঙে ৷

উল্লেখ্য যে ৰঙা চীনত অমিক্ৰণ ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মুল কাৰণ হৈছে ক’ভিড এছ অ পি পালত চৰম অনিহা চীনী লোকৰ৷আনকি ৰোগ প্ৰতিৰোধ কম থকা লোক সকলে চৰকাৰী নীতি নিয়ম নস্যাৎ কৰি বীৰদৰ্পে চলাচল কৰি থকাৰ বাবে বয়স্ক আৰু ৪০- ৫০ উৰ্ধৰ লোক সকল সহজেই আক্ৰান্ত হৈছে কৰ’ণাত

ৰাজধানী চহৰ বেইজিং আৰু দক্ষিণ পূৰ্ব প্ৰান্তৰ ছিচুৱানৰ মুঠ বাসিন্দাৰ আধাসংখ্যকেই আক্ৰান্ত হৈছে কৰ’ণাত ৷
চীন স্বাস্থ্য বিভাগে উল্লেখ কৰিছে যে দ্ৰুতগতিত কৰ’ণাৰ বৃদ্ধি পোৱাৰ মুল কাৰণ হিচাপে বিবেচিত হৈছে দেশখনত নিয়মীয়াকৈ অব্যাহত থকা স্বাৱ টেষ্ট হঠাৎ বন্ধ কৰাটো ৷

ইতিমধ্যে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চিকিৎসালয় সমূহত আক্ৰান্ত ৰোগী সকলক ৰখাৰ বাবে বিছনা আৰু কোঠালীৰ অভাৱ৷ আনহাতে টেষ্টৰ ফলাফল দিয়াটো বিলম্ব

একেদৰে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত শেষকৃত্য সম্পন্নৰ বাবে মৃতকৰ পৰিয়ালৰ শ্মশানত দীঘলীয়া শাৰী ৷ একে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত ৷

এখন ভাল প্ৰতিবেশী হিচাপে ভাৰত চৰকাৰে পৰ্যাপ্ত ভেকচিন আৰু অনান্য সা-সামগ্ৰী পঠিওৱাৰ বাবে আগ্ৰহী বুলি বেইজিংক জনাইছে ভাৰতৰ বিদেশ দপ্তৰে ৷

Exit mobile version