Death Mysterious : মৃত্যুৰ আগমুহূৰ্তত এজন মানুহৰ মনলৈ কি কথা আহে ? গৱেষণাত পাইছে এই ৰহস্যৰ উত্তৰ –

dde429f4 09fd 49a5 9166 fa31d5246e36 1

Death Mysterious :

জীৱনৰ দুটা কথা হৈছে প্ৰকৃত সত্য । এক জন্ম আৰু দ্বিতীয় হৈছে মৃত্যু । কিন্তু মৃত্যু হৈছে এক ৰহস্যঘন বিষয় । মৃত্যুৰ সময়ত মানুহৰ কি হয় ? মৃত্যুৰ পাছত আত্মাৰ অস্তিত্ব থাকেনে ?

অৱশ্যে দ্বিতীয় প্ৰশ্নৰ কোনো নিৰ্দিষ্ট উত্তৰ এই মুহূৰ্তলৈকে পাবলৈ সক্ষম হোৱা নাই । কিন্তু মৃত্যুৰ আগত মানুহৰ মনলৈ কি কথা আহে , সেইকথাৰ উত্তৰ বিচাৰি উলিয়াইছে এদল গৱেষকে ।

ব্ৰিটিছ কলম্বিয়াৰ এদল চিকিৎসকে এই বিষয়টিৰ ওপৰত দীৰ্ঘদিন গৱেষণা চলোৱাৰ পাছত এক সিদ্ধান্তত উপণীত হৈছে যে , মৃত্যুৰ ঠিক আগ মুহূৰ্তত এজন ব্যক্তিৰ মস্তিষ্কলৈ অতীতৰ সকলো স্মৃতি ঘূৰি আহে ।

এজন ৰোগীৰ চিকিৎসা চলাৰ সময়ত গৱেষকৰ দল নিশ্চিত হয় যে , কিয়নো এই গৱেষকৰ দলটোৱে এজন মৃগী আক্ৰান্ত ৰোগী চিকিৎসাৰ সময়ত ইলেক্ট্ৰোএনচেফালোগ্ৰাফি নামৰ এক যন্ত্ৰ ব্যৱহাৰ কৰিছিল । মস্তিষ্কৰ পৰা উৎপন্ন তড়িৎ সংকেত ধৰা পৰে এই যন্ত্ৰত । কিন্তু এই যন্ত্ৰ ব্যৱহাৰ কৰি থকা সময়তে ৰোগীজনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ।

তাৰফলত ৰোগীজনৰ মৃত্যু হোৱাৰ পূৰ্বে মনলৈ অহা সকলো কথা এই যন্ত্ৰত আৱদ্ধ হৈ পৰে । যন্ত্ৰত আৱদ্ধ হৈ পৰা মানুহজনৰ মনৰ ভাৱ আছিল যে , মানুহে মৃত্যুৰ ঠিক আগমুহূৰ্তত জীৱনৰ সকলো সুন্দৰ স্মৃতি ৰোমন্থন কৰে ।

বিজ্ঞানে যিমানেই নতুন নতুন সামগ্ৰী আৱিষ্কাৰ নকৰক কিয় , এটা কথা সঠিক যে , আজিলৈকে কোনো গৱেষকে মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই । সেইয়েহে হয়তো আজিও মৃত্যু অস্তিত্ব এক সাঁথৰ হৈ আছে জীৱ শ্ৰেষ্ঠ মানুহৰ বাবে ।

Exit mobile version